ETV Bharat / bharat

সমগ্ৰ বিশ্বৰ কোভিড-১৯ আক্ৰান্তৰ তালিকাত চতুৰ্থ স্থানত ভাৰত

author img

By

Published : Jun 14, 2020, 8:59 PM IST

সমগ্ৰ বিশ্বৰ কোভিড-১৯ আক্ৰান্ত মুঠ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত চতুৰ্থ স্থানত আছে ভাৰত। ইংলেণ্ড, চীন, ইটালী আদি সকলোকে পিছ পেলাই তালিকাৰ এই স্থানত আছে ভাৰত।

 কোভিড-১৯
COVID-19: India records highest single-day spike of 11,929 cases: death toll reaches 9,195

নিউজ ডেস্ক, ১৪ জুনঃ বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত । শনিবাৰৰ দিনটোত ১১,৯২৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ৩,২০,৯২২ গৰাকীকৈ বৃদ্ধি পাইছে কোভিড-19 ৰোগীৰ সংখ্যা।

দেশত বিগত ২৪ ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈছে ১১,৯২৯ গৰাকী লোক

আনহাতে, বিগত ২৪ ঘণ্টাত ভাৰতত ৩১১ গৰাকী কোভিড-১৯ ৰোগীৰ মৃত্যু হোৱাৰ পাছত এই মহামাৰীৰ ফলত দেশত মৃত্যু হোৱা লোকৰ সংখ্যা ৯,১৯৫ গৰাকী হৈছে । সম্প্ৰতি দেশত ১,৪৯,৩৪৮ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ১,৬২,৩৭৯ গৰাকী লোকে কোভিড-১৯ৰ কৱলৰ পৰা উপশম লাভ কৰিছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ কোভিড-১৯ আক্ৰান্ত মুঠ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত চতুৰ্থ স্থানত আছে ভাৰত। ইংলেণ্ড, চীন, ইটালী আদি সকলোকে পিছ পেলাই শনিবাৰে তালিকাৰ চতুৰ্থ স্থানত দখল কৰে ভাৰতে। কোভিড-১৯ আক্ৰান্ত দেশসমূহৰ ভিতৰত প্ৰথম স্থানত আমেৰিকা, দ্বিতীয় স্থানত ব্ৰাজিল আৰু তৃতীয় স্থানত আছে ৰাছিয়া।

লগতে পঢ়ক : উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰিলে শিক্ষয়ত্ৰী অনামিকা শুক্লাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.