ETV Bharat / bharat

ভাৰতত মাৰ্চ মাহত ঘৰুৱা বিমান যাত্ৰীৰ ক্ষেত্ৰত ৩৩ শতাংশৰ হ্ৰাস

author img

By

Published : May 1, 2020, 10:24 AM IST

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত মাৰ্চ মাহত ঘৰুৱা বিমান যাত্ৰীৰ ক্ষেত্ৰত দেখা পোৱা গ'ল ৩৩ শতাংশৰ হ্ৰাস । বৃহস্পতিবাৰে এই তথ্য় প্ৰকাশ কৰিছে বিমানচালনা নিয়ন্ত্ৰণৰ চিভিল এভিয়েশ্বনৰ মহানিৰ্দেশালয়ে ।

COVID-19 Impact: Domestic air passenger traffic falls 33% in March, says DGCA

নিউজ ডেস্ক, ১ মে': দেশত চলি থকা লক্ ডাউন আৰু কৰ'ণা ভাইৰাছৰ মহামাৰীৰ ফলতেই ভাৰতত ঘৰুৱা বিমান যাত্ৰীৰ সংখ্যা 33 শতাংশ হ্ৰাস হোৱা দেখা পোৱা গৈছে । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ তুলনাত মাৰ্চ মাহত দেখা পোৱা গৈছে এই ৩৩ শতাংশ যাত্ৰীৰ হ্ৰাসৰ পৰিমাণ ।

বৃহস্পতিবাৰে এই তথ্য বিমানচালনা নিয়ন্ত্ৰণৰ চিভিল এভিয়েশ্বন মহানিৰ্দেশালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় । য'ত উল্লেখ কৰা হৈছে ফেব্ৰুৱাৰী মাহত ১.১৫ কোটি লোকে ঘৰুৱা বিমান সেৱাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে মাৰ্চ মাহত এই সংখ্যা হ্ৰাস পাই হয়গৈ কেৱল ৭৭ লাখ ।

এই সন্দৰ্ভত বিমান কৰ্তৃপক্ষই কয়, Covid-১৯ মহামাৰীৰ ফলতেই চলিত বৰ্ষৰ মাৰ্চ মাহত বিমান সেৱা বাতিল কৰাৰ লগে-লগে যাত্ৰীৰ সংখ্যা তীব্ৰ হাৰত হ্ৰাস দেখা পোৱা গৈছিল ।

উল্লেখ্য যে, ভাৰতবৰ্ষত ২২ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰাৰ বিপৰীতে ২৫ মাৰ্চৰ পৰা ৩ মে' পৰ্যন্ত ঘৰুৱা বিমানৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰী কৰা হৈছে । ফলত ভাৰতৰ এভিয়েশ্বন উদ্যোগটো বাৰুকৈয়ে প্ৰভাৱিত হৈছে । আনহাতে IATAৰ তথ্য অনুসৰি, এই উদ্যোগটোত জড়িত প্ৰায় ২৯.৩২ লাখ লোকৰ চাকৰিৰ প্ৰতিও এতিয়া আহি পৰিছে ভাবুকি ।

DGCA ৰ তথ্য অনুসৰি ইণ্ডিগ'ই বৰ্তমান ৪৮.৯ শতাংশ অংশীদাৰীত্বৰে ঘৰুৱা বিমান যাত্ৰীৰ বজাৰখনত শীৰ্ষ স্থান দখল কৰি আছে । ফেব্ৰুৱাৰী মাহত ৫৯.৩ লাখ যাত্ৰীয়ে ইণ্ডিগ' বিমান সেৱাৰে যাত্ৰা কৰাৰ বিপৰীতে মাৰ্চ মাহত এই সংখ্যা হ্ৰাস পাইছিল ৩৭.৯ লাখলৈ ।

আনহাতে বজাৰত ১৬ শতাংশ অংশীদাৰীত্বৰে দ্বিতীয় স্থানত আছে স্পাইছজেট । স্পাইছজেটত মাৰ্চ মাহত ১২.৪ লাখ যাত্ৰীয়ে যাত্ৰা কৰাৰ বিপৰীতে ফেব্ৰুৱাৰীত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা আছিল ১৮.৯ লাখ ।

ভাৰতীয় বিমান সেৱাত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত ৩২৯.১ লাখ লোকে যাত্ৰা কৰাৰ বিপৰীতে ২০১৯ বৰ্ষত ইয়াৰ সংখ্য়া আছিল ৩৫৪.৫ লাখ । আনহাতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ক্ষেত্ৰত এই বৰ্ষৰ মাৰ্চ মাহত বিগত বৰ্ষৰ মাৰ্চ মাহৰ তুলনাত ৫৫.৮ শতাংশৰ হ্ৰাস দেখা পোৱা গৈছে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.