নেশ্যনেল ডেস্ক, 6 মে' : মঙলবাৰে পেট্ৰল আৰু ডিজেলত ক্ৰমে 10 আৰু 13 টকাকৈ প্ৰতিলিটাৰত আবকাৰী শুল্ক বৃদ্ধি কৰা হ'ল ৷ এই বছৰত অতিৰিক্ত ৰাজহ সংগ্ৰহৰ বাবে পুনৰবাৰ আবকাৰী শুল্ক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে চৰকাৰে ৷
সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি, এই বছৰত আৰু এবাৰ 3-6 টকাকৈ পেট্ৰল আৰু ডিজেলত প্ৰতিলিটাৰত আবকাৰী শুল্ক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ Covid-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে চৰকাৰে অতিৰিক্ত অৰ্থনৈতিক উদ্দীপক পেকেজ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এনে হোৱাৰ সম্ভাৱনা আছে ৷
এনেদৰে শুল্ক বৃদ্ধি কৰিলে গোটেই বছৰটোত প্ৰায় 60,000 কোটি টকাৰ অতিৰিক্ত ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব চৰকাৰে ৷
উল্লেখ্য যে, মাৰ্চত চৰকাৰে প্ৰতিলিটাৰ পেট্ৰলত 18 টকা আৰু প্ৰতিলিটাৰ ডিজেলত 12 টকাকৈ আবকাৰী শুল্ক সংগ্ৰহ কৰিবলৈ সংসদীয় সন্মতি লাভ কৰিছিল যদিও চৰকাৰে এই শুল্ক আৰোপ নকৰিলে ৷ মঙলবাৰে পেট্ৰলত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক 12 টকা আৰু ডিজেলত 9 টকা কৰা হ'ল ৷ ইয়াৰ ফলত এই আবকাৰী শুল্ক পুনৰবাৰ পেট্ৰলত 6 টকা আৰু ডিজেলত 3 টকাকৈ বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব চৰকাৰে ৷