নেশ্যনেল ডেস্ক, 21 মাৰ্চ : কৰ'ণাতংকই মানৱ সমাজক কিদৰে গ্ৰাস কৰিছে মহাৰাষ্ট্ৰত সংঘটিত এক ঘটনাৰ পৰা তাৰ উমান পোৱা যায় ৷ মহাৰাষ্ট্ৰৰ কোলহাপুৰত বৃহস্পতিবাৰে এজন মটৰ চাইকেল আৰোহীয়ে ৰাজহুৱা স্থানত হাঁচিওৱাৰ বাবে আক্ৰমণৰ সন্মুখীন হ'বলগা হয় ৷
গুজাৰি অঞ্চলৰ এক চিচিটিভি ফুটেজত এই ঘটনা পোহৰলৈ আহিছে ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰিছে ৷ এই ঘটনাৰ পাচতো স্থানীয় আৰক্ষী চকীত কোনো গোচৰ ৰুজু হোৱা নাই বুলি জানিব পৰা গৈছে৷
ভিডিঅ'টোত দেখুওৱা অনুসৰি, এজন বাইক আৰোহীয়ে অন্য এজন বাইক আৰোহীক ৰখাই লৈ ৰুমাল ব্যৱহাৰ নকৰাকৈ কিয় হাঁচিয়ালে বুলি প্ৰশ্ন কৰে ৷
ইয়াৰ পাচতে দুয়োজন লোকৰ মাজত তীব্ৰ বাক-বিতণ্ডা হোৱাৰ পাচত হাঁচিওৱা লোকজনক আনজনে আক্ৰমণ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি ঠাইডোখৰত যান-বাহনৰ ভিৰ পৰিলক্ষিত হয় ৷
উল্লেখ্য যে, বৰ্তমানলৈকে মহাৰাষ্ট্ৰত 49 জন লোক আক্ৰান্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যু হৈছে ৷
বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিয়া অনুসৰি, এই ভাইৰাছবিধ হাঁচি, কাঁহ, থু-খেকাৰ আৰু শাৰীৰিক সম্পৰ্কৰ ফলত এজনৰ দেহৰ পৰা আনজনলৈ বিয়পিব পাৰে ৷