ETV Bharat / bharat

ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই চুলে 10 লাখৰ পৰিসংখ্যা

author img

By

Published : Jul 17, 2020, 5:36 AM IST

Updated : Jul 17, 2020, 6:26 AM IST

কোভিড-19ত আক্ৰান্তৰ সংখ্যাই ভাৰতত 10 লাখৰ পৰিসংখ্যা অতিক্ৰম কৰে ৷ দেশত এই মহামাৰীৰ ফলত এতিয়ালৈকে 25,000 লোকৰ মৃত্যু ঘটিছে ৷ কেৰালাত দেশৰ প্ৰথমটো কোভিড-19 আক্ৰান্তৰ ঘটনা 30 জানুৱাৰীত পোহৰলৈ আহিছিল ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে ৷

ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই চুলে 10 লাখৰ পৰিসংখ্যা
ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই চুলে 10 লাখৰ পৰিসংখ্যা

নিউজ ডেস্ক, 17 জুলাই : দেশত কোভিড-19 মহামাৰীত আক্ৰান্তৰ সংখ্যাই বৃহস্পতিবাৰে 10 লাখৰ পৰিসংখ্যা অতিক্ৰম কৰে ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ পৰিসংখ্যাত এই তথ্য পোহৰলৈ আহিছে ৷ বৰ্তমানে দেশত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে প্ৰায় 25,000 লোকৰ ৷ ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিকসংখ্যক লোক কোভিড-19ত আক্ৰান্ত হৈছে ৷

বৃহস্পতিবাৰে নিশাৰ ভাগত দেশত কোভিড-19ত আক্ৰান্তৰ সংখ্যা হয়গৈ 10,00,202 গৰাকী ৷ ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিকসংখ্যক 2,84,281 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে ৷ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত অভিলেখসংখ্যক 8,641গৰাকী কোভিড-19ত আক্ৰান্ত হয় ৷ ৰাজ্যখনত দেশৰ ভিতৰতে 11,194 গৰাকী ব্যক্তি এই মহামাৰীৰ চিকাৰ হয় ৷ মহাৰাষ্ট্ৰৰ পিচতেই আছে তামিলনাডু ৷ তামিলনাডুত সৰ্বাধিকসংখ্যক 1,56,369 গৰাকী আক্ৰান্ত হোৱাৰ লগতে 1,18,645 গৰাকী আক্ৰান্তৰে তৃতীয় স্থানত আছে দিল্লী ৷ অসমত বৰ্তমানলৈ 20,646 গৰাকী ব্যক্তি কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 50গৰাকী ব্যক্তি ৷

আনহাতে জন হপকিনছ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সমগ্ৰ বিশ্বৰ ভিতৰত কোভিড-19ত আক্ৰান্তৰ সংখ্যাত ভাৰতে তৃতীয় স্থানত আছে ৷ সমগ্ৰ বিশ্বতে কোভিড-19ত আক্ৰান্ত হৈছে প্ৰায় 1,966,748 গৰাকী লোক ৷ দেশসমূহৰ ভিতৰত 3,499,771 গৰাকীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম স্থানত থকাৰ লগতে 1,966,748 গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে ব্ৰাজিল ৷

ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত কোভিড-19ৰ পৰা আৰোগ্য হোৱাৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ আক্ৰান্ত হোৱাৰ হাৰৰ বিপৰীতে দেশত 63.25 শতাংশ কোভিড-19 আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ দেশত এতিয়ালৈকে 6,12,814 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়কঃ সাধাৰণ জনতাক মাধমাৰ শোধাই অত্যাৱশ্যকীয় সামগ্ৰীত 18 শতাংশ জিএছটিৰ প্ৰস্তাৱ

Last Updated : Jul 17, 2020, 6:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.