ETV Bharat / bharat

কৰ’ণাৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে চলি আছে গৱেষণা

author img

By

Published : Apr 28, 2020, 2:25 PM IST

নতুন ভাইৰাছৰ সৃষ্টি হোৱাটো এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। ভাইৰাছবোৰে লাহে লাহে বিকাশ লাভ কৰে। এই প্ৰক্ৰিয়াৰ বাবে কেইবা দশকৰো প্ৰয়োজন হ’ব পাৰে । আগতীয়াকৈ সেইবোৰক চিনাক্ত কৰাটো প্ৰায়েই অসম্ভৱ। ক’ভিড-১৯ৰ বাবে এছ এ আৰ এছ-চি অ’ভি-২ক দোষাৰোপ কৰাটোও সম্ভৱ নহয়। এইচ আই ভি আৱিষ্কাৰ কৰা নোবেল বঁটাপ্ৰাপক মন্টেইগনাৰে মন্তব্য কৰা অনুসৰি নভেল কৰ’ণা ভাইৰাছ পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছে ।

কৰ’ণাৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে চলি আছে গৱেষণা
কৰ’ণাৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাবে চলি আছে গৱেষণা

দিল্লীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আই আই টিৰ জৈৱ বিজ্ঞানৰ সন্মানীয় অধ্যাপক তথা পদ্মশ্ৰী বঁটা প্ৰাপক ছৈয়দ ই হাছনাইনে প্ৰকাশ কৰা অনুসৰি নভেল কৰ’ণা ভাইৰাছৰ ৰূপান্তৰ আৰু জিনম ছিকুৱেন্স চিনাক্ত কৰিবলৈ ভাৰতবৰ্ষই প্ৰযুক্তি বিকশাই তুলিছে । ভাৰতীয় প্ৰতিষ্ঠানসমূহে এই ৰোগৰ ঔষধ আৰু প্ৰতিষেধক আৱিষ্কাৰৰ বাবে কাম কৰি আছে । বৈজ্ঞানিক নীতিৰ উপদেষ্টা হিচাপে কৰ্মৰত অধ্যাপক হাছনাইনে জনায় যে এবিধ প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ কেইবা মাহৰ পৰা এবছৰলৈকে প্ৰয়োজন হ’ব পাৰে । চৰকাৰ আৰু স্বাস্থ্যসেৱা খণ্ডৰ বিশেষজ্ঞসকলে কোৱা সাৱধানতাসমূহ পালন কৰিবলৈ তেওঁ সকলোকে পৰামৰ্শ দিয়ে । তেওঁ লগতে জনায় যে সৰ্বোত্তম উপায় হৈছে পৰীক্ষাৰ হাৰ বৃদ্ধি কৰা। জাৰ্মানীৰ দ্বাৰা অৰ্ডাৰ অৱ মেৰিট সন্মানেৰে সন্মানিত অধ্যাপক হাছনাইন । তেওঁ ২০১৬ চনত জামিয়া হামদাৰ্দৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে। ইনাড়ুৰ সৈতে অধ্যাপকগৰাকীৰ হোৱা সাক্ষাৎকাৰৰ কিয়দংশ ইয়াত আগবঢ়োৱা হ’লঃ

CORONA VACCINE RESEARCH UNDERWAY
বিশ্বজুৰি ক্লিনিকেল টেষ্টৰ বাবে পাঁচটা প্ৰতিষেধকে অপেক্ষা কৰিছে

কি কাৰণত নতুন ভাইৰাছৰ সংক্ৰমণ হয় ? আমি সিহঁতক আগতীয়াকৈ চিনাক্ত কৰিব পাৰোনে ?

নতুন ভাইৰাছৰ সৃষ্টি হোৱাটো এটা প্ৰাকৃতিক প্ৰক্ৰিয়া। ভাইৰাছবোৰে লাহে লাহে বিকাশ লাভ কৰে। এই প্ৰক্ৰিয়াৰ বাবে কেইবা দশকৰো প্ৰয়োজন হ’ব পাৰে । আগতীয়াকৈ সেইবোৰক চিনাক্ত কৰাটো প্ৰায়েই অসম্ভৱ। ক’ভিড-১৯ৰ বাবে এছ এ আৰ এছ-চি অ’ভি-২ক দোষাৰোপ কৰাটোও সম্ভৱ নহয়। এইচ আই ভি আৱিষ্কাৰ কৰা নোবেল বঁটাপ্ৰাপক মন্টেইগনাৰে মন্তব্য কৰা অনুসৰি নভেল কৰ’ণা ভাইৰাছ পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছে ।

ভাৰতত কোভিড-১৯ৰ বিষয়ে গৱেষণা কৰিবলৈ সা-সুবিধা কেনেধৰণৰ ?

জিনম ছিকুৱেন্স আৰু ভাইৰাছবিধৰ জেনেটিক পৰিৱৰ্তন চিনাক্ত কৰিবলৈ কিছু সা-সুবিধাৰ প্ৰয়োজন হয় । আমি কোভিড-১৯ ৰ ঔষধ আৰু প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ সক্ষম । পুণেস্থিত ছিৰাম ইনষ্টিটিউট অৱ্ ইণ্ডিয়া আমাৰ দেশত ইমিউন্য' বায়’লজিকেল সৰ্বাধিকভাৱে উৎপাদন কৰে । পূৰ্বতে হায়দৰাবাদস্থিত ভাৰত বায়’টেকে (ৰ’টাভাইৰাছৰ প্ৰথম প্ৰতিষেধক) আৱিষ্কাৰ কৰে আৰু বিশ্বত বহুতৰে জীৱন ৰক্ষা কৰে ।

CORONA VACCINE RESEARCH UNDERWAY
প্ৰতিষেধক আৱিষ্কাৰৰ বাবে চলি আছে গৱেষণা

অতিমাৰী নিয়ন্ত্ৰণ কৰাত ভাৰতবৰ্ষ কিমান দূৰ সফল হৈছে ?

আমি সঠিক পথেৰে আগবাঢ়ি আছো। ভাৰতীয় চিকিৎসা দৱেষণা পৰিষদ চমুকৈ আই চি এম আৰক মূল দায়িত্ব দি ভাৰত চৰকাৰে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিছে । আই চি এম আৰে প্ৰতিদিনে ৩০ হাজাৰ পৰীক্ষা কৰে । অনাগত দিনত পৰীক্ষা কৰাৰ সক্ষমতা ইয়াতকৈ বৃদ্ধি পাব। আমেৰিকা,স্পেইন,ইটালী আৰু ফ্ৰান্সৰ দৰে উন্নত দেশৰ তুলনাত ভাৰতত আক্ৰান্তৰ সংখ্যা কম ।

এটা প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ কিমান সময় লাগে ?

বহু অনুষ্ঠানে ইয়াৰ বাবে কাম কৰি আছে। বিশ্বজুৰি ক্লিনিকেল টেষ্টৰ বাবে পাঁচটা প্ৰতিষেধকে অপেক্ষা কৰিছে । বি জি জি মডেলৰ ওপৰত ভিত্তি কৰি এছ আই আই পুণেয়ে এক প্ৰতিষেধক আৱিষ্কাৰৰ বাবে চেষ্টা চলাইছে । ভাৰত বায়’টেকেও এই ক্ষেত্ৰত কাম কৰি আছে । প্ৰতিষেধক এটা আৱিষ্কাৰ কৰিবলৈ কিছু মাহৰ পৰা বছৰ বছৰ লাগিব পাৰে । বিগত কেইবামাহৰ পৰা জামিয়া হামদাৰ্দ বিশ্ববিদ্যালয়ে কোভিড-১৯ ৰ ওপৰত গৱেষণা কৰি আছে ।

CORONA VACCINE RESEARCH UNDERWAY
বৰ্তমান সময়লৈকে কোভিড-১৯ ৰ কোনো প্ৰতিষেধক নাই

নভেল কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰতীয়সকলৰ পৰ্যাপ্ত পৰিমাণে প্ৰতিৰোধ ক্ষমতা আছেনে?

ভাৰতত আক্ৰান্তৰ সংখ্যা কম হোৱাটোৱে কয় যে ভাৰতীয়সকলৰ প্ৰতিৰোধ ক্ষমতা বা ইমিউন' শক্তিশালী । বৈজ্ঞানিকভাৱে এয়া এতিয়াও প্ৰমাণিত হোৱা নাই । যিবোৰ দেশত বিচিজি প্ৰতিষেধক প্ৰয়োগ কৰা হৈছে সেইবোৰত কোভিড-১৯ত মৃত্যুৰ সংখ্যা কম হোৱা দেখা গৈছে ।

ৰাইজক আপুনি কি পৰামৰ্শ দিব ?

বৰ্তমান সময়লৈকে কোভিড-১৯ ৰ কোনো প্ৰতিষেধক নাই । ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰ নোহোৱালৈকে আমি সামাজিক দুৰত্ব মানি নিজকে ৰক্ষা কৰি চলিব লাগিব । সংক্ৰমণ ৰোধ কৰাৰ বাবে লক ডাউন এক বিজ্ঞানসন্মতভাৱে গৃহীত ধাৰণা । ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা,মাস্ক পিন্ধা,২০ ছেকেণ্ডৰ বাবে হাত ধোৱাটো অতিকৈ জৰুৰী ।

লগতে চাওকঃ টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.