নিউজ ডেস্ক, ২০ জুলাইঃ মহামাৰী COVID-19ৰ সংকটৰ বাবেই বৃদ্ধি পাইছে বীয়েৰ,ৱাইন স্পিৰিটৰ মূল্য । যাৰ দেশৰ কেইবাখনো ৰাজ্যত গ্ৰাহকসকলে কম মূল্যৰ মাদক দ্ৰব্য সেৱন কৰিবলৈ আৰম্ভ কৰিছে বুলি এটা সমীক্ষাত প্ৰকাশ পাইছে । সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি,ৰাজ্যসমূহত মাদক দ্ৰব্য়ৰ বিক্ৰী হ্ৰাস পাইছে । কিয়নো গ্ৰাহকসকলে দাম বৃদ্ধি হোৱা বাবেই মাদক দ্ৰব্য সেৱন কৰাত বাধাৰ সন্মুখীন হৈছে । যাৰ ফলত একাধিক ৰাজ্যৰ পৰা কৰ সংগ্ৰহ কম হোৱাৰ আশংকা কৰা হৈছে ।
আনহাতে, একাংশ গ্ৰাহকে কয় যে ৰাজ্য় চৰকাৰে অনুমতি প্ৰদান কৰিলে তেখেতসকলে ই কমাৰ্চ এপৰ জৰিয়তে সুৰা অৰ্ডাৰ কৰিবলৈ আগ্ৰহী। আনহাতে, সমীক্ষাত দেখা গৈছে যে,একাধিক ৰাজ্যত ২০১৯ চনৰ তুলনাত ২০২০ চনৰ জুন মাহলৈকে সুৰাৰ বিক্ৰীৰ পৰিমাণ হ্ৰাস পাইছে ।
উল্লেখ্য যে,সুৰা ৰাজ্য চৰকাৰৰ উপাৰ্জনৰ অন্যতম বৃহৎ উৎস। কিন্তু দেশজুৰি মহামাৰী কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ বাবেই বন্ধ কৰি দিয়া হৈছিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । যাৰ বাবে কেইবাখনো ৰাজ্য চৰকাৰে কৰ সংগ্ৰহৰ বাবে সুৰাৰ ওপৰত COVID-19 ছাৰচাৰ্জ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে,দেশৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত তেলেংগানা,পশ্চিমবংগ আৰু ৰাজস্থানত বিগত কিছুমাহ ধৰি সুৰাৰ মূল্য অধিক হাৰত বৃদ্ধি কৰা হৈছে ।