নিউজ ডেস্ক, 12 আগষ্ট : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিদিনে নতুনকৈ হাজাৰ হাজাৰ লোক মহামাৰী ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷
বুধবাৰে মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়িকা দীপিকা পাণ্ডে সিং ৷ আক্ৰান্ত হোৱাৰ পিচতে বিধায়িকা গৰাকীক চিকিৎসকৰ পৰমাৰ্শ অনুসৰি আছুতীয়াকৈ থকা বুলি জানিব পৰা গৈছে ৷ বুধবাৰে টুইটযোগে প্ৰকাশ কৰিছে এই কথা ৷
তেওঁ টুইটত উল্লেখ কৰা অনুসৰি, তেওঁ আৰু তেওঁৰ পৰিয়াল ক'ভিড-19 পজিটিভ পোৱা গৈছে ৷ লগতে, তেওঁলোকৰ সংস্পৰ্শলৈ অহা সকলো লোকক ক'ভিড পৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে বিধায়িকা গৰাকীয়ে ৷ বৰ্তমান আছুতীয়াকৈ তেওঁলোকৰ চিকিৎসা চলি থকা বুলিও নেত্ৰী গৰাকীয়ে টুইটত উল্লেখ কৰিছে ৷
উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ঝাৰখণ্ডত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 18,723 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 9,724 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 188 গৰাকী ৷ একেদৰে ভাৰতবৰ্ষত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 2.33 মিলিয়ন ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 1.64 মিলিয়ন আৰু মৃত্যুৰ সংখ্যা 46,091 গৰাকী ৷
লগতে পঢ়ক : COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য