নিউজ ডেস্ক, ৪ এপ্ৰিলঃ দেশত ৩ মে'লৈ বৃদ্ধি কৰা হ'ল লক্ ডাউনৰ সময়-সীমা । মঙলবাৰে পুৱা ১০ বজাত দেশবাসীক সম্বোধন কৰি এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । কিন্তু ২১ দিনীয়া লক্ ডাউনৰ অন্তিম দিনা দেশবাসীক কৰা সম্বোধনত দেশৰ অৰ্থনীতি উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ বিত্তীয় সাহায্য ঘোষণা নকৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে কংগ্ৰেছে ।
-
The poor have been left to fend for themselves for 21+19 days, including practically soliciting food. There is money, there is food, but the government will not release either money or food.
— P. Chidambaram (@PChidambaram_IN) April 14, 2020 " class="align-text-top noRightClick twitterSection" data="
Cry, my beloved country.
">The poor have been left to fend for themselves for 21+19 days, including practically soliciting food. There is money, there is food, but the government will not release either money or food.
— P. Chidambaram (@PChidambaram_IN) April 14, 2020
Cry, my beloved country.The poor have been left to fend for themselves for 21+19 days, including practically soliciting food. There is money, there is food, but the government will not release either money or food.
— P. Chidambaram (@PChidambaram_IN) April 14, 2020
Cry, my beloved country.
কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিত্তীয় মন্ত্ৰী পি. চিদাম্বৰমে টুইট কৰি কয় যে, দৰিদ্ৰ সকলক ২১+১৯ দিনৰ বাবে অকলশৰীয়া কৈ যুঁজিবলৈ এৰি দিয়া হৈছে । য'ত খাদ্যৰ অভাৱ পূৰণৰ অনুৰোধ সন্নিৱিষ্ট হৈছে আছে । টকা আছে, খাদ্য আছে, কিন্তু চৰকাৰে হয়তো টকা, নাইবা খাদ্য মুকলি নকৰে ।"
আনহাতে কংগ্ৰেছৰ মুখপাত্ৰ অভিষেক সিঙভিয়ে কয়, প্ৰধানমন্ত্ৰীৰ সম্বোধন ডেনমাৰ্কৰ ৰাজকুমাৰ অবিহনে যেনেকৈ হেমলেট ।
প্ৰধানমন্ত্ৰীৰ সম্বোধন আশ্চৰ্যজনক । উৎসাহ, বাকপটুতা, অনুপ্ৰেৰণা.. কিন্তু তাৰ মাজতেই সুনিৰ্দিষ্ট ভাৱে ফোপোলা । নাই আৰ্থিক সাহায্য, নাই বিৱৰণ, নাই সুনিৰ্দিষ্ট বস্তু । দুখীয়া, মধ্যবিত্ত, উদ্যোগী তথা ব্যৱসায়ীৰ বাবে একোৱেই নাই । লক্ ডাউন ভাল কিন্তু এইটো নিজেই সমাপ্ত হোৱা বস্তু নহয় ।