নতুন দিল্লী, 19 মাৰ্চ : সোমবাৰে নিশা কংগ্ৰেছে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ বাবে পঞ্চমখন প্ৰাৰ্থী তালিকা ৷ তালিকাখনত অসমৰ পাঁচটা সমষ্টিৰ প্ৰাৰ্থীৰ নামো উল্লেখ আছে ৷
56 জন প্ৰাৰ্থীৰ নাম থকা তালিকাখনত 22 গৰাকী অন্ধ্ৰপ্ৰদেশৰ , পাঁচগৰাকী অসমৰ ,ছয়গৰাকী ওড়িশা, আঠ গৰাকী তেলেংগানাৰ,দুগৰাকী উত্তৰ প্ৰদেশৰ ,11 গৰাকী পশ্চিমবংগ আৰু এগৰাকী লাক্ষাদ্বীপৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভূক্ত হৈছে ৷ তালিকা অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ তথা সাংসদ অভিজিত মুখাৰ্জীয়ে পশ্চিমবংগৰ জাংগিপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াৱ ৷
আনহাতে অসমত ভুৱনেশ্বৰ কলিতাই মঙলদৈৰ পৰা , এম জি ভি কে ভানুৱে তেজপুৰৰ পৰা ,প্ৰদ্যুৎ বৰদলৈৱে নগাঁৱৰ পৰা , অনিল বৰগোহাঁয়েলখিমপুৰৰ পৰা আৰু বীৰেণ সিং ইংতিয়ে ডিফুৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ৷
উল্লেখ যোগ্য যে , কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা 7 মাৰ্চত প্ৰকাশ পাইছিল ৷ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে বৰ্তমানলৈ 137 জন প্ৰাৰ্থী তালিকাৰ নাম প্ৰকাশ কৰিছে ৷সাতটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ 11 এপ্ৰিলত আৰম্ভণি হ'ব ৷ 23 মেত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল ৷