ETV Bharat / bharat

স্পষ্ট বাৰ্তা আৰু উন্নত স্বাস্থ্য সেৱাই নিউজিলেণ্ডৰ কোভিড সফলতাৰ ৰহস্যঃ ভাৰতীয় উচ্চায়ুক্ত

নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত মুকতেশ পৰদেশীৰ মতে উন্নত স্বাস্থ্য সেৱা, স্পষ্টভাৱে বাৰ্তা প্ৰচাৰৰ ব্যৱস্থা আৰু এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা ৰাইজৰ আস্থাই দেশখনৰ কোভিড-১৯ যুঁজত সফলতাৰ মূল কাৰণ ।

author img

By

Published : Jun 13, 2020, 6:53 AM IST

Clear Messaging &amp  Early Health System Key To NZs Covid success

২৯ মে’ৰ পৰা নিউজিলেণ্ডত এজনো কৰ’ণা আক্ৰান্ত ধৰা নপৰাত ক’ভিডমুক্ত নখন দেশৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰা বুলি ৯ জুনত নিউজিলেণ্ডে ঘোষণা কৰে । নিউজিলেণ্ডৰ যুৱতী প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰ্ডেনে আনন্দতে নচা বুলি প্ৰকাশ কৰে । নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত মুকতেশ পৰদেশীৰ মতে উন্নত স্বাস্থ্য সেৱা, স্পষ্টভাৱে বাৰ্তা প্ৰচাৰৰ ব্যৱস্থা আৰু এগৰাকী জনপ্ৰিয় প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা ৰাইজৰ আস্থাই দেশখনৰ ক’ভিড-১৯ যুঁজত সফলতাৰ মূল কাৰণ । নিউজিলেণ্ডে দেশখনৰ নাগৰিকসকলক ভাইৰাছবিধৰ বিষয়ে অৱগত আৰু সজাগ কৰাৰ লগতে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই বিষয়ে অ’কলেণ্ডৰ পৰা উচ্চায়ুক্তগৰাকীয়ে জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে । ঘৰুৱা যাতায়ত, জন সমাবেশ আৰু অৰ্থনৈতিক কাৰ্যকলাপত থকা সকলোধৰণৰ নিষেধাজ্ঞা এতিয়া দেশখনে প্ৰত্যাহাৰ কৰিছে । মাত্ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাধা-নিষেধ আৰোপ কৰা হৈছে । শীঘ্ৰে অষ্ট্ৰেলিয়া বা প্ৰশান্ত মহাসাগৰায়ীয় কেতবোৰ সৰু দেশৰ সৈতে বিমানসেৱা পুনৰাম্ভ হোৱাৰো সম্ভাৱনা আছে । ক’ভিডৰ সংক্ৰমণ নোহোৱাৰ সময়ত পূৰ্বৰ দৰে অনুষ্ঠিত হোৱাৰ দৰে এইবাৰ যোগ দিৱস পালন কৰিবলগীয়া কেইখনমান দেশৰ ভিতৰত এখন বা একমাত্ৰ দেশ হিচাপে নিউজিলেণ্ড পৰিগণিত হ’ব বুলি উচ্চায়ুক্ত পৰদেশীয়ে অৱগত কৰে । ক’ভিড-১৯ ৰ প্ৰভাৱ আৰু চীনৰ সৈতে নিউজিলেণ্ডৰ অতি নিবিড় সম্পৰ্ক সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এখন দেশৰ ওপৰতে নিৰভৰ হোৱাৰ ফলত সৃষ্টি হোৱা অসুবিধা সম্পৰ্কে কিৱিজৰ ভিতৰতে বহুতে উপলব্ধি কৰিছে । ক’ভিডৰ পাছৰ পৰিস্থিতি সলনি হ’ব পাৰে বুলিও পৰদেশী মন্তব্য কৰে ।

নিউজিলেণ্ডস্থিত ভাৰতীয় উচ্চায়ুক্ত মুকতেশ পৰদেশীৰ সৈতে হোৱা সম্পূৰ্ণ সাক্ষাৎকাৰটো আগবঢ়োৱা হ’লঃ

প্ৰশ্নআকাৰ আৰু জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত আৰু নিউজিলেণ্ড দুয়োখন দেশেই পৃথক । কিন্তু ক’ভিড-১৯ ৰ ক্ষেত্ৰত নিউজিলেণ্ডে লাভ কৰা সফলতাৰ পৰা ভাৰতে যথেষ্ট শিকিবলগীয়া আছে ।

এই সময়ত নিউজিলেণ্ডত থাকিবলৈ পোৱাৰ বাবে মই নিজকে সৌভাগ্যৱান বুলি ভাবো । নিজকে কৰ’নাভাইৰাছৰ পৰা মুক্ত বুলি ঘোষণা কৰাৰ পাছত নিউজিলেণ্ড এক আদৰ্শ স্বৰূপ হৈ পৰিছে । এই ক্ষেত্ৰত ক’ভিড-১৯ ৰ পৰা মুক্ত হোৱা আন দেশসমূহৰ ভিতৰত ইউৰোপৰ মণ্ট নেগ্ৰো, প্ৰশান্ত মহাসাগৰীয় দেশ চামোৱা আছে ।নিউজিলেণ্ডে আকৰ্ষণ কৰাৰ কাৰণ হৈছে যে দেশখন উন্নত, উদ্যোগেৰে পৰিপূৰ্ণ আৰু পশ্চিমীয়া পৃথিৱীৰ সৈতে সংযুক্ত । ২৯ মে’ৰ পৰা ইয়াত কোনোধৰণৰ নতুন ক’ভিড-১৯ আক্ৰান্ত লোক পোৱা নাই । গতিকে দেশখনত ক’ভিড-১৯ আক্ৰান্ত লোকৰ মুঠ সংখ্যা ১৫০৪ জন । ইয়াৰে ২২জনৰ মৃত্যু হৈছে । এয়া সঁচাকৈয়ে আনন্দদায়ক কথা । এতিয়া ক’ভিডে যাতে সীমান্তৰে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে যুঁজ দিছে নিউজিলেণ্ডে । দেশখনৰ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা দেশখনৰ বহু সুবিধা আছে । নিউজিলেণ্ডৰ জনসংখ্যা ৫ মিলিয়ন । কিন্তু ভৌগলিক দিশৰ পৰা দেশখনৰ জনসংখ্যা সিঁচৰিত হৈ আছে । গতিকে সমগ্ৰ দেশখনতে মানুহবোৰ সিঁচৰিত হৈ থকাৰ ফলত ভাৰততকৈ ইয়াত পৃথকীকৰণ কৰাটো অধিক সুবিধাজনক ।

প্ৰশ্নবিশ্বৰ ভিতৰতে কঠোৰভাৱে লকডাউন কাৰ্যকৰী কৰা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষও আছে । কিন্তু ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে । নিউজিলেণ্ডৰ পৰা লাভ কৰা কিছু ব্যৱহাৰিক শিক্ষা আপুনি আমাক জনাব নেকি?

তেওঁলোকে কৰা অন্যতম প্ৰেক্টিকেল কামটো হৈছে প্ৰথমটো সপ্তাহতে চাৰিটা পৰ্যায় থকা এটা হেলথ্ এলাৰ্ম চিষ্টেম গঢ়ি তোলা । চতুৰ্থক উচ্চতম পৰ্যায় হিচাপে গণ্য কৰি প্ৰায় ২০ মে’ত নিউজিলেণ্ডে প্ৰথম পৰ্যায় ঘোষণা কৰিছিল । ইয়াৰ তিনি-চাৰিদিন পাছতে দেশখনে চতুৰ্থ পৰ্যায়ত উপনীত হয় । প্ৰথমাৱস্থাত অধিকাংশ সংক্ৰমণৰ ঘটনাই বিদেশৰ পৰা প্ৰত্যাৱৰ্তন কৰা ছাত্ৰ-ছাত্ৰী বা ইৰান, চীন ভ্ৰমণ কৰি উভতি অহা লোকৰ মাজত পোৱা গৈছিল । এইসমূহ দেশৰ সৈতে নিউজিলেণ্ডে সীমান্ত বন্ধ কৰি দিয়ে ।এই চাৰিটা পৰ্যায়ৰ হেলথ এলাৰ্ম চিষ্টেমৰ ফলপ্ৰসূ ব্যৱহাৰ কৰা হয় । তাৰ সমান্তৰালভাৱে বিভিন্ন পৰ্যায়ত কি কি ঘটিব সেই বিষয়ে মানুহবোৰৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা কৰা হয় । তেওঁলোকে যেতিয়া প্ৰথম পৰ্যায়ৰ কথা ঘোষণা কৰিছিল তাৰ পূৰ্বেই চতুৰ্থ পৰ্যায়ত কি ঘটিব সেই বিষয়ে জনোৱা হৈছিল । গতিকে প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া এই এলাৰ্ম ব্যৱস্থা প্ৰৱৰ্তন কৰে তেতিয়া সকলো নাগৰিকে প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু হৈ উঠে । গতিকে চৰকাৰে ৰাইজৰ আস্থা আদায় কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ ভিতৰত হেলথ এলাৰ্ম চিষ্টেম এক উল্লেখনীয় উদাহৰণ । নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা আৰ্ডেনৰ ব্যাপক গ্ৰহণযোগ্যতা আছে । গতিকে চৰকাৰৰ সতৰ্কতা ব্যৱস্থাৰ প্ৰতি ৰাইজে সহযোগিতা আগবঢ়ায় । চৰকাৰে যি কৰিছে তাৰ প্ৰতি তেওঁলোকৰ বিপুল সমৰ্থন আছে । গতিকে স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ ব্যৱস্থা, নিয়মীয়া আৰু আগতীয়া সতৰ্কতা ব্যৱস্থাই নিউজিলেণ্ডক সহায় কৰিছে বুলি মই ক’ম ।

প্ৰশ্নক’ভিডৰ বিৰুদ্ধে যুঁজি সফলতা লাভ কৰাৰ বাবে দক্ষিণ কোৰিয়াকো প্ৰশংসা কৰা হয় । কিন্তু দক্ষিণ কোৰিয়াৰ লগতে আন বহু দেশে সম্ভাব্য দ্বিতীয় পৰ্যায়ৰ ৱেভৰ বাবে সাজু হ’বলৈ লৈছে । গতিকে নিউজিলেণ্ডে কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব?

৯ জুনৰ পৰা এতিয়ালৈকে দেশখনে এলাৰ্ম চিষ্টেমৰ প্ৰথম স্তৰত আছে । গতিকে পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে স্বাভাৱিক হোৱা নাই । বিভিন্ন স্থানত জন সমাৱেশ দেখা যায় । যাতায়তৰ ক্ষেত্ৰত কোনোধৰণৰ বাধ্য বাোধকতা নাই । সীমান্ত বন্ধ ৰখা হৈছে । গতিকে প্ৰথম পৰ্যায়ত কোনো বিদেশীকে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা নহয় । মাত্ৰ প্ৰত্যাৱৰ্তনৰ বাবে চলা বিশেষ বিমানেৰে লোকসকলক আহিব পাৰিব আৰু তেওঁলোকে চৰকাৰৰ নিয়ম অনুসৰি চৈধ্য দিনৰ বাবে কোৱাৰেণ্টীনত থাকিব লাগিব ।বিগত মাহত যেতিয়া এয়াৰ ইণ্ডিয়াই ভাৰতৰ পৰা যাত্ৰীসকলক আকাশী পথেৰে কঢ়িয়াই নিছিল তেতিয়া তেওঁলোকক চৰকাৰীভাৱে কোৱাৰেণ্টীন কেন্দ্ৰত ৰখা হৈছিল । নিউজিলেণ্ডে সীমান্ত বন্ধ কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্যও অনুৰূপেই আছে । । যদি আগন্তুক পষেক বা তিনি সপ্তাহত নতুনকৈ ক’ভিড-১৯ ত আক্ৰান্ত লোক পোৱা নাযায় তেতিয়া অষ্ট্ৰেলিয়া বা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহতো অনুৰূপ পদ্ধতি প্ৰয়োগ কৰা হ’ব বুলি অনুমান কৰা হৈছে । কিয়নো তেওঁলোকৰ মাজত নিবিড় সম্পৰ্ক আছে । অন্যথা এই দেশসমূহে সহজে সীমান্ত মুকলি কৰি দিয়াৰ কথা চিন্তা নকৰে ।

প্ৰশ্নভাৰতৰ অসামৰিক বিমান সেৱাৰ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে আগষ্টৰ ভিতৰত সীমিতসংখ্যক আন্তঃৰাষ্ট্ৰীয় বিমানৰ পুনৰ চলাচলৰ ইংগিত প্ৰদান কৰিছিল । ভাৰতৰ সৈতে বিমান চলাচলৰ কিবা সম্ভাৱনা আছেনে?

এতিয়ালৈকে আমাৰ লোকসকলক ওভোতাই আনিবলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ । প্ৰায় তিনি হাজাৰ ভাৰতীয় লোক নিউজিলেণ্ডত আবদ্ধ হৈ আছে । এই মাহত বন্দে ভাৰত মিছনৰ অধীনত আমি নখন বিমান লাভ কৰিছোঁ । আমাৰ প্ৰথমখন বিমান বিগত সপ্তাহত উৰা মাৰে আৰু ৩০ জুনলৈকে এয়া অব্যাহত থাকিব । গতিকে যিসকল লোক ইয়াত আবদ্ধ হৈ আছে তেওঁলোক ভাৰতলৈ গৈ আছে আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা কিৱসকলো নিজ দেশলৈ উভতিছে । এয়া পাৰস্পৰিক প্ৰক্ৰিয়া । জুনৰ ভিতৰত আবদ্ধ হৈ থকা অধিকাংশ ভাৰতীয় লোককে ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী ।

প্ৰশ্নক’ভিড-১৯ ৰ সময়ত এই চি কিউৰ যোগানকে ধৰি আন আন ক্ষেত্ৰত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সহযোগিতা কেনেধৰণৰ? নিউজিলেণ্ডৰ পৰা ভাৰতবৰ্ষই কি শিক্ষা গ্ৰহণ কৰিব পাৰে বুলি আপুনি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক পৰামৰ্শ দিব?

আমি দুয়োখন দেশে পৰস্পৰে পৰস্পৰক সহযোগ কৰি আহিছোঁ । কেই সপ্তাহমান পূৰ্বে আমাৰ হৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিউজিলেণ্ডৰ উপ প্ৰধানমন্ত্ৰীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল । আনকি উপ প্ৰধানমন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰীৰ শেষৰ পিনে ভাৰত ভ্ৰমণ কৰিছিল । তেওঁলোকে লগ কৰাৰ লগতে যেতিয়া ক’ভিডৰ সংকটৰ আৰম্ভ হৈছিল তেতিয়াৰে পৰা দুয়োগৰাকী নেতাই ফোনত যোগাযোগ অব্যাহত ৰাখিছে । কিছুসংখ্যক ফাৰ্মাচিউটিকেল সামগ্ৰীৰ বাবে নিউজিলেণ্ড ভাৰতৰ ওপৰত নিৰ্ভৰশীল । যেতিয়া তেওঁলোকে এই সন্দৰ্ভত আমাৰ কাষ চাপে তেতিয়া আমি দিল্লীক জনাওঁ আৰু যোগান অব্যাহত থাকে । বৈদেশিক সচিব পৰ্যায়ত এমাহৰ বাবে ইণ্ডো-পেচিফিক অঞ্চলৰ নিৰ্দিষ্ট কিছু দেশেও যোগাযোগ অব্যাহত ৰাখিছিল । নিউজিলেণ্ড এই দলটোৰ অংশীদাৰ আছিল য’ত যোগান, ক’ভিডৰ সংকটৰ বিৰুদ্ধে দেশসমূহে যুঁজাৰ উপায়, বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিয়মসমূহ দেশসমূহে কেনেদৰে পালন কৰিব আদি বিষয়ত আলোচনা কৰা হয় । আমি যোগাযোগ ৰাখি আছোঁ আৰু বন্দে ভাৰত মিছনৰ অধীনত কেনেদৰে ইখন দেশৰ পৰা সিখন দেশলৈ প্ৰত্যাৱৰ্তন কৰিব সেই বিষয়ে আলোচনা কৰা হয় । বন্ধু আৰু বিশ্বস্ত সংগী হিচাপে আমি পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰি আহিছোঁ ।

প্ৰশ্নভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আন এটা উল্লেখযোগ্য দিশ হ'ল ক্ৰিকেটৰ বাবে থকা উন্মাদনা ।নিউজিলেণ্ডৰ লোকসকলৰ বাবে ক্ৰিকেট অবিহনে নিশ্চয় কষ্ট হৈছে । ক’ভিড-১৯ যদি আগন্তুক কিছু মাহত এনেদৰে থাকে তেতিয়া খেলৰ জগতখনৰ ভৱিষ্যত কি হ’ব?

ভাৰতীয় ক্ৰিকেট দলটোৱে জানুৱাৰীত নিউজিলেণ্ড ভ্ৰমণ কৰিছে । তেওঁলোক পাঁচ মাৰ্চলৈকে আছিল । নিউজিলেণ্ডে সীমান্ত বন্ধ কৰাৰ কেইদিনমান পূৰ্বে খেলুৱৈসকলে নিউজিলেণ্ড ত্যাগ কৰে । একেদৰে নিউজিলেণ্ডৰ লোকসকলে ৰাগবী ভাল পায় আৰু তাৰো ঘৰুৱা ছিৰিজ আৰম্ভ কৰিবলৈ গৈ আছে ।

প্ৰশ্নদৰ্শক অবিহনে ষ্টেডিয়ামত খেলাৰ বাবে ভাৰতবৰ্ষৰ ফালৰ পৰা কৰা ঘোষণাৰ দৰে হ’ব নেকি?

সমাগম আৰু ঘৰুৱা ভ্ৰমণৰ ক্ষেত্ৰত কোনো বাধৈা নাই । আনকি আন বছৰসমূহত কৰাৰ দৰে এইবাৰো ২১ জুনত আমি ইয়াত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পাতিম । গতিকে এইবাৰ স্বাভাৱিক সংখ্যক লোকৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা প্ৰথম ৰাষ্ট্ৰসমূহৰ ভিতৰত নিউজিলেণ্ডো থাকিব । আনহাতে হাজাৰ হাজাৰ লোকৰ সমাবেশ হ’লেও কোনো বাধা নাই । বৰ্তমান সীমান্ত বন্ধ থকাটোৱেই একমাত্ৰ নিষেধাজ্ঞা ।

প্ৰশ্নক’ভিড-১৯ৰ উৎপত্তিৰ ওপৰত তদন্ত দাবী কৰাৰ বাবে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হ’ব বুলি টীনে ভাবুকি প্ৰদান কৰিছিল । নিউজিলেণ্ড চৰকাৰ, বহুজাতিক কোম্পানী আৰু কৰ্পৰেট গোষ্ঠীয়ে চীন সম্পৰ্কে কেনেধৰণৰ আলোচনা কৰে?

এটা দশক বা তাতোকৈ পুৰণি এক দৃঢ় সম্পৰ্ক নিউজিলেণ্ড আৰু চীনৰ মাজত আছে । তেওঁলোকৰ মাজত মুক্ত বাণিজ্য চুক্তি আছে । চীন হৈছে নিউজিলেণ্ডৰ সৰ্ববৃহৎ ব্যৱসায়িক অংশীদাৰ । বিশ্বজুৰি অতিমাৰীয়ে সৃষ্টি কৰা সন্ত্ৰাসৰ ফলত এখন মিত্ৰ দেশৰ ওপৰত অধিক নিৰ্ভৰশীলতা সঠিক নহ'ব বুলি হয়তো নিউজিলেণ্ডে ভাবিছে । তেওঁলোকৰ ব্যৱসায়ৰ ওপৰত প্ৰভাৱ নপৰাকৈ এই বিষয়ে মুখ্য কাৰ্যবাহী বিষয়া বা ব্যলৱসায়ক সমাজখনে লক্ষ্য কৰি থাকে ।.

প্ৰশ্ন--চীনৰ পৰা ভাৰতলে অনা বহু টেষ্টিং কীট সঠিক নহয় । নিউজিলেণ্ডে চীন নে আন দেশৰ পৰা এইবোৰ সামগ্ৰী যোগান কৰিছে?

তেওঁলোকে বাহিৰৰ পৰা ধন সংগ্ৰহ কৰি ইয়াতে উৎপাদন আৰম্ভ কৰিছে । সেয়ে ইয়াক বৰ বেছি ডাঙৰ সমস্যা হিচাপে গণ্য কৰা নহয় ।

-স্মিতা শিৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.