ETV Bharat / bharat

বিচাৰপীঠৰ সন্মুখত পক্ষ ৰাখিলে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে - ইটিভি ভাৰত

মঙলবাৰে অভিযোগকাৰী মহিলাগৰাকীয়ে বিচাৰপ্ৰক্ৰিয়াৰ পৰা তেওঁ ন্যায় লাভ নকৰে বুলি মন্তব্য কৰি অভিযোগ উঠাই লৈছিল ৷ ইয়াৰ পাচতে তিনিজনীয়া বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীক বিচাৰ প্ৰক্ৰিয়াত হাজিৰ হৈ নিজৰ পক্ষ ৰাখিবলৈ অনুৰোধ পত্ৰ প্ৰদান কৰিছিল  ৷ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তিনিজনীয়া বিচাৰপীঠৰ আগত নিজৰ পক্ষ ৰাখে মুখ্য ন্যায়াধীশগৰাকীয়ে ৷

বিচাৰপীঠৰ সন্মুখত পক্ষ ৰাখিলে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে
author img

By

Published : May 2, 2019, 9:51 AM IST

Updated : May 2, 2019, 10:00 AM IST

নতুন দিল্লী, 2 মে' : উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ সন্মুখত বুধবাৰে নিজৰ পক্ষ ৰাখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ এগৰাকী আদালতৰ কৰ্মচাৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰিছিল যৌন উৎপীড়নৰ অভিযোগ ৷

মঙলবাৰে অভিযোগকাৰী মহিলাগৰাকীয়ে বিচাৰ প্ৰক্ৰিয়াৰ পৰা তেওঁ ন্যায় লাভ নকৰে বুলি মন্তব্য কৰি অভিযোগ উঠাই লৈছিল ৷ ইয়াৰ পাচতে তিনিজনীয়া বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীক বিচাৰ প্ৰক্ৰিয়াত হাজিৰ হৈ নিজৰ পক্ষ ৰাখিবলৈ অনুৰোধ পত্ৰ প্ৰদান কৰিছিল ৷ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তিনিজনীয়া বিচাৰপীঠৰ আগত নিজৰ পক্ষ ৰাখে মুখ্য ন্যায়াধীশগৰাকীয়ে ৷

লগতে পঢ়ক : কেনেদৰে হৈছিল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহৰ চুৰি ?

উল্লেখযোগ্য যে , মুখ্য ন্যায়াধীশৰ দৰে পদবীত থকা লোকৰ বাবে সাধাৰণ গোচৰত চামন প্ৰেৰণ কৰা নহয় ৷ ইয়াৰ পৰিৱৰ্তে প্ৰেৰণ কৰা হয় অনুৰোধ পত্ৰ ৷ আনহাতে অভিযোগকাৰী মহিলাগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা অনুসৰি এয়া কোনো সাধাৰণ গোচৰ নহয় , বৰঞ্চ যৌন উৎপীড়নৰ গোচৰ ৷ কিন্তু বিচাৰপীঠে তেওঁৰ অভিযোগৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব লাভ কৰা নাই বুলি অভিযোগকাৰীয়ে মন্তব্য কৰে ৷

ইয়াৰ পূৰ্বৰ শুনানিত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি প্ৰকাশ কৰিছিল মুখ্য ন্যায়াধীশগৰাকীয়ে ৷ মুখ্য ন্যায়াধীশৰ কাৰ্যপ্ৰণালীত প্ৰভাৱ পেলাবৰ বাবেই এনে ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে মুখ্য ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰিছিল৷

CJI Ranjan Gogoi appears before panel probing Sexual Harassment allegations against him
Last Updated : May 2, 2019, 10:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.