ETV Bharat / bharat

গুৱাহাটীত কিছু সময়ৰ বাবে শিথিল সান্ধ্য আইন - শিথিল সান্ধ্য আইন

ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচতে ৰাজ্যত শান্তি-শৃংখলা অব্যাহত ৰাখিবলৈ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বুধবাৰে ৰাজ্যসভাৰ মজিয়াত বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিচতে ৰাজ্যত কেব বিৰোধী প্ৰতিবাদৰ জুই অধিক তীব্ৰতৰ হৈ পৰিছিল ৷ যাৰ ফলত প্ৰশাসনে গুৱাহাটীত সান্ধ্য আইন জাৰি কৰিছিল ৷

Citizenship Act protest
শিথিল সান্ধ্য আইন
author img

By

Published : Dec 14, 2019, 9:16 AM IST

Updated : Dec 14, 2019, 9:26 AM IST

নিউজ ডেস্ক , 14 ডিচেম্বৰঃ শনিবাৰে গুৱাহাটীত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে সান্ধ্য আইন শিথিল কৰা হৈছে ৷ বুধবাৰে ৰাজ্যসভাৰ মজিয়াত বহু বিতৰ্কিত কেব গৃহীত হোৱাৰ পিচতে ৰাজ্যত কেব বিৰোধী প্ৰতিবাদৰ জুই অধিক তীব্ৰতৰ হৈ পৰিছিল ৷ যাৰ ফলত প্ৰশাসনে গুৱাহাটীত সান্ধ্য আইন জাৰি কৰিছিল ৷

ডিব্ৰুগড়তো আৰক্ষীয়ে অৰ্নিদিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছিল যদিও শুকুৰবাৰে 5 ঘন্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছিল ৷ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচতে ৰাজ্যত শান্তি-শৃংখলা অব্যাহত ৰাখিবলৈ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ ইপিনে সান্ধ্য আইনৰ পিচতেই মহানগৰীৰ বিভিন্ন অঞ্চলৰ লগতে তেজপুৰ আৰু ডিব্ৰুগড়ত পৰিলক্ষিত হয় সেনাৰ ফ্লেগ মাৰ্চ ৷

বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷ বিধেয়কখন কোনোপধ্যেই মানি নোলোবাৰ দাবীত অটল আছে বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতা ৷ ইয়াৰ পৰিপ্ৰেক্ষিততেই শুকুৰবাৰে চান্দমাৰী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এক বিশাল গণ অনশন আয়োজন কৰা হয় ৷ তদুপৰি বিভিন্ন দল সংগঠনৰ লগতে অসমৰ শিল্পী সমাজেও কেবৰ বিৰোধিতাৰে ছাত্ৰ সন্থাই নেতৃত্ব লোৱা 10 ঘন্টীয়া অনশনত যোগদান কৰে ৷ আনহাতে বৃহস্পতিবাৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ গুলীত দুজন লোকৰ মৃত্যু হয় ৷ এই পৰ্যন্ত ৰাজ্যজুৰি কেব বিৰোধী আন্দোলনত মৃত্যু হয় 4 গৰাকী প্ৰতিবাদকাৰীৰ ৷ উল্লেখ্য যে, এই বিধেয়কখনৰ দ্বাৰা 31 ডিচেম্বৰ, 2014 লৈকে পাকিস্তান,আফগানিস্তান,আৰু বাংলাদেশত ধাৰ্মিক অত্যাচাৰৰ বলি হোৱা হিন্দু, ইচাই, শিখ, বৌদ্ধ, জোৰাষ্ট্ৰিয়ান,পাৰ্চি আৰু খ্ৰিষ্টীয়ান সম্প্ৰদায়ৰ লোক সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰয়াস কৰা হ'ব ৷

লগতে পঢ়ক - নগাঁৱত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়াত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ

Intro:Body:

https://twitter.com/ANI/status/1205673452201361408

Conclusion:
Last Updated : Dec 14, 2019, 9:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.