নিউজ ডেস্ক, 6 মাৰ্চঃ নতুন দিল্লীৰ চিজিঅ' কমপ্লেক্সস্থিত এক চৰকাৰী কাৰ্যালয়ত বুধবাৰে দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ কমপ্লেক্সটোৰ পণ্ডিত দীনদয়াল অন্তোদয়া ভৱনৰ পঞ্চম মহলাত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷
অগ্নিকাণ্ডৰ ফলত সৱলীকৰণ আৰু সামাজিক ন্যায় মন্ত্ৰণালয়ৰ বিশেষভাৱে সক্ষম শাখাৰ বহুকেইটা কোঠালী ভস্মীভূত হোৱাৰ লগতে কাৰ্যালয়টোৰ বহুটো গুৰুত্বপূৰ্ণ নথি জুইৰ ফলত ধ্বংসপ্ৰাপ্ত হয় ৷ আনহাতে অগ্নিকাণ্ডৰ ফলত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ এগৰাকী উপ-পৰিদৰ্শক নিহত হয় বুলি দিল্লী আৰক্ষীৰ অগ্নিনিৰ্বাপক শাখাই প্ৰকাশ কৰিছে ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি, বৈদ্যুতিক শ্বট-চাৰ্কিটৰ ফলতেই জুইৰ সূত্ৰপাত হৈছিল ৷
দিল্লী আৰক্ষীৰ অগ্নিনিৰ্বাপক শাখাৰ বিষয়া বিপিন কেন্টালে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অন্তোদয়া ভৱনৰ পঞ্চম মহলাত সুৰক্ষা বিষয়া হিচাপে কৰ্মৰত চি আই এছ এফৰ উপ-পৰিদৰ্শকগৰাকীক এম পি গাডোৰা বুলি জানিব পৰা গৈছে ৷ ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে 2008 চনত চি আই এছ এফ বাহিনীটোত যোগদান কৰিছিল ৷
অগ্নিকাণ্ডৰ ফলত বিভাগটোৰ বহুটো গুৰুত্বপূৰ্ণ নথি জ্বলি ছাই হোৱাৰ লগতে সুৰক্ষা বিষয়াগৰাকীক সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বিষয়াগৰাকীক নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
উল্লেখ্য যে, পূৰ্বে পৰ্যাৱৰণ ভৱন নামে খ্যাত পণ্ডিত দীনদয়াল অন্তোদয়া ভৱনত ভাৰতীয় বায়ু সেনাকে ধৰি অনাময় আৰু খোৱাপানী বিভাগ আৰু কেন্দ্ৰীয় বন বিভাগৰ তিনিটাকৈ শাখাৰ কাৰ্যালয় আছিল ৷ অৱশ্যে অগ্নিকাণ্ডৰ ফলত এইকেইটা কাৰ্যালয়ৰ কোনোধৰণৰ ক্ষতি হোৱা নাই বুলি প্ৰকাশ কৰিছে দিল্লীৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ৷ উল্লেখ্য যে, ৰাতিপুৱা প্ৰায় 8 বাজি 45 মিনিটত জুইৰ সূত্ৰপাত ঘটিছিল আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে 10 বজাৰ আগতেই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
