নিউজ ডেস্কঃ দিল্লী মেট্ৰ' ষ্টেচনত নিয়োজিত CISF জোৱানৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছ । এই কথা সদৰী কৰিছে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলে ।
এই ঘটনাৰ পাচত বৰ্তমানলৈ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বলত COVID-19 ত আক্ৰান্তৰ সংখ্যা 3 জনলৈ বৃদ্ধি হৈছে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লক ডাউনৰ পাচত বন্ধ ৰখা হৈছিল মেট্ৰ'ৰ চলাচল । লক ডাউন প্ৰথমে 14 এপ্ৰিললৈ আছিল যদিও পৰিস্থিতিৰ ওপৰত লক্ষ ৰাখি 21 দিনীয়া লক ডাউনক 19 দিন বঢ়াই 3 মে'লৈ অব্যাহত ৰখা হৈছে ।