ETV Bharat / bharat

উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত ক্ষীপ্ৰ গতিত চলিছে চীনৰ নিৰ্মাণকাৰ্য

ভাৰতৰ সৈতে অব্যাহত থকা সীমান্ত সমস্যাৰ মাজতে অৰুণাচল প্ৰদেশক লৈ শংকিত হৈ পৰাৰ সমান্তৰালকৈ উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলতো চীনৰ বৰ্ধিত আন্ত-গাঁথনিমুলক নিৰ্মাণকাৰ্যৰ তথ্য পোহৰলৈ আহিছে ৷

author img

By

Published : Sep 16, 2020, 10:11 PM IST

উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত ক্ষীপ্ৰ গতিত চলিছে চীনৰ নিৰ্মাণকাৰ্য
উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত ক্ষীপ্ৰ গতিত চলিছে চীনৰ নিৰ্মাণকাৰ্য

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ : চীন-ভাৰতৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উত্তেজনা অব্যাহত থকাৰ সময়তে উত্তৰাখণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত দেখা গৈছে চীনৰ আন্তঃগাঁথনি ৷ এক বিশেষ সূত্ৰই বুুধবাৰে প্ৰকাশ কৰা অনুসৰি, সৰু সৰু বাসগৃহৰ দৰে আকাৰ দেখা গৈছে উত্তৰাখণ্ডৰ নেপাল সীমান্তৱৰ্তী টিনকাৰ-লিপু পাছৰ ওচৰত ৷ চম্পা মৈদানৰ জোজো গাঁৱত চীনে নিৰ্মাণকাৰ্য সংঘটিত কৰাৰ বিষয়ে পোহৰলৈ আহিছে ৷ চীনৰ ফালৰ এইখন গাঁও টিনকাৰ-লিপু পাছৰ পৰা 7-8 কিলোমিটাৰ দুৰত্বত অৱস্থিত ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতেই নেপালৰ সৈতে থকা চীনা সীমান্তত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিজৰ পৰ্যবেক্ষণ বৃদ্ধি কৰিছে ৷

লগতে পঢ়ক : প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ, ৰিজাং লাত চীনা সৈন্যৰ ঘাটি স্থাপনৰ চেষ্টা

উল্লেখ্য যে, চীন আৰু ভাৰতৰ সীমা বিবাদৰ মাজতেই ভাৰতীয় চোৰাংচোৱা বাহিনীৰ হাতত আহি পৰিছিল কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য ৷ এই তথ্য অনুসৰি, নেপাল চৰকাৰে দেশখনৰ সেনাবাহিনীক ভাৰতীয় সেনাৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ লিপুলেখ যিয়ে নেপাল-ভাৰত-চীনক সংযোগ কৰে এয়া উত্তৰাখণ্ডৰ কালাপানী ভেলীৰ অন্তৰ্গত আৰু এইটো অঞ্চলতে চীন আৰু নেপালৰ সেনাই ভাৰতীয় সেনাৰ ওপৰত নজৰ ৰখাৰ তথ্য ভাৰতীয় চোৰাংচোৱা বাহিনীৰ হাতত আহি পৰিছে ৷ নেপালৰ গৃহ মন্ত্ৰালয়ে নেপাল সশস্ত্ৰ আৰক্ষী বাহিনীক এই দায়িত্ব প্ৰদান কৰাৰ উপৰিও অঞ্চলটোত নেপাল সশস্ত্ৰ আৰক্ষী বাহিনীৰ অতিৰিক্ত 44 টা বেটালিয়ন মোতায়েন কৰিছে ৷

লগতে পঢ়ক : ভাৰতীয় সৈন্য অপ্ৰতিৰোধ্য: লেফটেনেণ্ট কৰ্ণেল এ কে নন্দী

আনহাতে নেপালৰ সমান্তৰালকৈ চীনেও লিপুলেখত নিজৰ সামৰিক বাহিনীৰ মোতায়েন বৃদ্ধি কৰিছে ৷ চীনে এইটো অঞ্চলত পিএলএৰ 150 লাইট কম্বাইনড আৰ্মছ ব্ৰীগেডৰ এটা সম্পূৰ্ণ বেটালিয়ন মোতায়েন কৰি ৰাখিছে ৷ ইয়াৰ উপৰিও ভাৰতীয় সীমান্তৰ পৰা 10 কিলোমিটাৰ দুৰত্বত অৱস্থিত পালা নামৰ ঠাইত চীনৰ পিএলএ এটা ৰি-ইনফোৰ্চমেন্ট বাহিনীকো মোতায়েন কৰি ৰাখিছে ৷

লগতে পঢ়ক : জেমিথাং সীমান্তৰ গাঁওবাসীক আঁতৰোৱাৰ কথা ভিত্তিহীন : সেনা আৰু টাৱাং জিলা প্ৰশাসন

উল্লেখ্য যে, ভাৰতে লিপুলেখ এলেকাৰ 17,000 ফুট উচ্চতাত এটা পথ নিৰ্মাণ কৰাৰ পিচতেই নেপাল আৰু ভাৰতৰ মাজৰ দশকযোৰা সম্পৰ্কত ফাঁট মেলিছিল ৷ কৈলাশ মানসৰোবৰলৈ যাবলগীয়া এই পথটো নিৰ্মাণ কৰিছিল ভাৰতৰ সীমান্ত পথ নিৰ্মাণ সংস্থাই আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইয়াক উদ্বোধন কৰিছিল ৷

লগতে পঢ়ক : কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

নেপালৰ উপৰিও ভাৰত আৰু চীনৰ মাজতচ বিগত চাৰি-পাঁচমাহে উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে ৷

লগতে পঢ়ক : ৰিমখিমস্থিত ভাৰতৰ শেষৰটো চেক-পোষ্টলৈ পথ সংযোগৰ বাবে সাজু বিআৰঅ'

চীনে এনে অৱস্থাতে সুযোগ বুজি প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ নিয়ম ভংগ কৰি ভাৰতীয় সীমাৰ ভিতৰলৈ সোমাই অহাৰ লগতে ভাৰতীয় সেনাৰ সৈতে মুখামুখি সংঘৰ্ষটো লিপ্ত হয় ৷ গালৱান ভেলীত হোৱা এই সংঘৰ্ষত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলকে ধৰি 20গৰাকী জোৱান শ্বহীদ হৈছিল ৷ গালৱান সংঘৰ্ষৰ পিচতেই দুয়োখন দেশৰ মাজৰ সীমা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ ইয়াৰ মাজতেই চীনে ইয়াৰ দক্ষিণ ফ্ৰন্ট গঠনৰ কথা ঘোষণা কৰি অসমৰ লালুকলৈ চীনৰ অংশ বুলি দাবী কৰিছে ৷ এনে অৱস্থাত ভাৰতীয় সেনাই চীনৰ পিএলএক শলঠেকত পেলাই বিগত মাহত পাংগং ছ্য হ্ৰদৰ উত্তৰ প্ৰান্তৰ লগতে দক্ষিণ প্ৰান্তৰ শীৰ্ষ উচ্চতাত অৱস্থাত গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল ৷ চীনৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ তিব্বতৰ লোকৰ লগতে ভাৰতীয় গোৰ্খাসকলৰ দ্বাৰা গঠন কৰা স্পেচিয়েল ফ্ৰন্টিয়াৰ ফৰ্চ ইয়াৰ গঠনৰ প্ৰায় 60 বৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিজৰ কামত ব্যৱহাৰ হোৱাৰ তথ্যও পোহৰলৈ আহিছিল ৷

লগতে পঢ়ক : ভাৰতীয় সেনাই ফাদিল কৰিলে পিএলএৰ শক্তিৰ অৱধাৰণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.