নিউজ ডেস্ক, ১০ জুন : Xinhua news agency ৰ তথ্য অনুসৰি, চীনৰ Kuaizhou-11 ইন্ধন বাহক ৰকেটখন উৰুৱাবলৈ কৰা চেষ্টা বিফল হৈছে । শুকুৰবাৰে প্ৰকাশ পাইছে এই তথ্য ।
তথ্য অনুসৰি, চীনৰ উত্তৰ-পশ্চিমৰ Jiuquan Satellite য়ে মুকলি কৰাৰ বাবে দুপৰীয়া ১২ বাজি ১৭ মিনিটত চেষ্টা কৰিছিল কিন্তু ৰকেটখনত ৰৈ যোৱা ক্ৰটিৰ বাবে অভিযান সফল নহল বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, চীনা ভাষাত Kuaizhou ৰ অৰ্থ হ'ল দ্ৰুত জাহাজ আৰু উচ্চ নিৰ্ভৰযোগ্যতা । জানিব পৰা মতে, ৭০.৮ টন ওজনৰ ৰকেটখন উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰা হৈছিল । ৰকেটখনৰ বিফলতাৰ কাৰণ সমূহ বিশেষজ্ঞ সকলে বৰ্তমান বিশ্লেষণ কৰি থকা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : তিব্বত ভ্ৰমণৰ ক্ষেত্ৰত চীনা বিষয়াৰ ভিচা কৰ্তন আমেৰিকাৰ