ETV Bharat / bharat

চীনক নজৰত ৰাখি ভাৰতৰ সৈতে হেলিকপ্টাৰ চুক্তি কৰিছে ট্ৰাম্পে - China in mind, Trump's 'win-win' submarine-hunting chopper deal in offing

এইটো প্ৰবন্ধত জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ বৰুৱাই ভাৰত-আমেৰিকাৰ 24 খন MH 60 multi-role Romeo Sikorsky হেলিকপ্টাৰ চুক্তিৰ বিষয়ে উল্লেখ কৰিছে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বধীন Cabinet Committee on Securityএ ইয়াক সেউজ সংকেট প্ৰদান কৰিছে ৷ MH 60 multi-role Romeo Sikorsky হেলিকপ্টাৰখন দুটাকৈ অস্ত্ৰপ্ৰণালীৰে সংযুক্ত থাকিব যিয়ে নৌ-সেনাৰ জাহাজ আৰু ছাবমেৰিণক আঘাত কৰিব পৰাকৈ সক্ষম ৷ বিশেষকৈ শত্ৰু ছাবমেৰিনৰ স্থান চিনাক্ত কৰি উলিয়াই ইয়াক আঘাত কৰিব পৰাকৈ কম ওজনৰ air-launched torpedoes আৰু Hellfire missilesৰে সংযুক্ত হৈ থাকিব এই হেলিকপ্টাৰ ৷

China in mind, Trump's 'win-win' submarine-hunting chopper deal in offing
চীনক নজৰত ৰাখি ভাৰতৰ সৈতে হেলিকপ্টাৰ চুক্তি কৰিছে ট্ৰাম্পে
author img

By

Published : Feb 24, 2020, 9:26 PM IST

হায়দৰাবাদ : স্বামী বিবেকানন্দ অথবা শচীন তেণ্ডুলকাৰৰ নাম লোৱাত ডনাল্ড ট্ৰাম্পৰ অসুবিধা হ'লেও ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁ অধিক চতুৰ ৷ সোমবাৰে, ভাৰতৰ এগৰাকী মহৎ সন্যাসী আৰু ভাৰতৰ আন এগৰাকী প্ৰখ্যাত ক্ৰিকেট খেলুৱৈৰ নাম লোৱাত দ্বিধাগ্ৰস্থ হোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত-আমেৰিকাৰ মাজত এখন সশস্ত্ৰ সামৰিক হেলিকপ্টাৰ চুক্তিৰ বিষয়ে নিশ্চিতি প্ৰদান কৰে ৷

ৱাশ্বিংটনৰ পৰা আহমেদাবাদলৈ 8,000 মাইল দূৰত্বৰ আকাশীপথ ভ্ৰমণ সম্পন্ন কৰি ভাৰতত উপস্থিত হোৱা ট্ৰাম্পক কিছু ভাগৰুৱা যেন দেখালেও তেওঁ আধা ঘন্টা সময়ধৰি প্ৰদান কৰা ভাষণত ভাৰতৰ লগতে, ভাৰতীয় সংস্কৃতি, ভাৰতীয় সভ্যতা, ভাৰতীয় গণতন্ত্ৰ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসাৰে ওপচায় পেলায় ৷ মোটেৰা ষ্টেডিয়ামত প্ৰায় 1.10 লাখ লোকৰ আগত ট্ৰাম্পে নিজৰ ভাষণ প্ৰদান কৰে ৷

যদিও ফলৱৰ্তী কৰা হোৱা নাই তথাপিও মঙলবাৰে নতুন দিল্লীৰ সৈতে প্ৰায় 3 বিলিয়ন ডলাৰৰ সামৰিক হাৰ্ডৱেৰ চুক্তি সম্পন্ন কৰাক লৈ আমেৰিকা নিশ্চিত আছে ৷ আমেৰিকা-চীনৰ মাজৰ ক্ৰমবৰ্ধমান যুদ্ধকালীন সম্পৰ্কৰ মাজতে ভাৰতক সংগী কৰি লৈ আমেৰিকাই ভাৰত মহাসাগৰত নিজৰ ৰাজত্ব বৰ্তাই ৰাখিব বিছাৰিছে ৷ সেয়ে ভাৰতক সামৰিক সামগ্ৰী প্ৰদান কৰাৰ বাহিৰে আমেৰিকাৰ বাবে বেলেগ কোনো উপায় বিচাৰি পোৱা দেখা যোৱা নাই ৷

সম্পন্ন হ'বলগীয়া চুক্তিত ভাৰতীয় নৌ-সেনাৰ যুদ্ধজাহাজৰ ওপৰত থাকিব লগীয়া 24খন MH 60 multi-role Romeo Sikorsky হেলিকপ্টাৰ হৈছে মুল আকৰ্ষণ ৷ আমেৰিকাৰ প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থা Lockheed Martinৰ দ্বাৰা নিৰ্মিত এইসমূহ হেলিকপ্টাৰ বৰ্তমান সময়ৰ আটাইতকৈ শক্তিশালী আৰু দুৰ্দান্ত হেলিকপ্টাৰৰ ভিতৰত ধৰা হয় ৷ প্ৰায় 2.6 বিলিয়ন ডলাৰৰ বিনিময়ত এই চুক্তি সম্পন্ন কৰা হ'ব ৷ ইতিমধ্যে বিগত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন Cabinet Committee on Securityএ এই চুক্তিৰ বাবে সেউজ সংকেট প্ৰদান কৰিছে ৷ ভাৰতৰ সামৰিক-উদ্যোগিক ক্ষেত্ৰখনলৈ এই চুক্তিয়ে অৱদান আগবঢ়ালেও সাগৰীয় যুদ্ধত চীনৰ বিৰুদ্ধে ভাৰতক আগবঢ়াই দিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে৷

যুক্তিপূৰ্ণভাৱে, ছাবমেৰিনে বৰ্তমানৰ সামৰিক খণ্ডত বৃহৎ অৱদান আগবঢ়ায় ৷ শক্তিৰ ক্ষেত্ৰত বৃহৎ আৰু বহুৰূপী, ছাবমেৰিনৰ প্ৰধান সুবিধা হৈছে, সাগৰত ধৰা নপৰাকৈ চলাচল কৰিবপৰা সক্ষমতা ৷ পাৰমানৱিক যুদ্ধৰ দৰে পৰিস্থিতিত ছাবমেৰিনে, নিজে বাচি লোৱা স্থানৰ পৰাই আক্ৰমণ সংঘটিত কৰি ইয়াৰ মূল্যৰ নিশ্চয়তা প্ৰদান কৰে ৷ শেহতীয়াকৈ ভাৰত মহাসাগৰ বিগত সময়ৰ তুলনাত অধিক নৌ-জাহাজ আৰু ছাবমেৰিনৰ চলাচলৰ দ্বাৰা এক সামৰিক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে ৷ এইটো অঞ্চলত তীব্ৰতৰভাৱে বৃদ্ধি পোৱা নৌ-সেনা কাৰ্যকলাপৰ ভিতৰত চীনৰ People’s Liberation Army Navyৰ যুদ্ধজাহাজেই অধিক স্থান দখল কৰি আছে আৰু চীনে ইয়াৰ নৌ-সেনাক আধুনিকীকৰণ কৰি ইয়াৰ শক্তি বৃদ্ধি কৰিয়ে আছে ৷

MH 60 multi-role Romeo Sikorsky হেলিকপ্টাৰখন দুটাকৈ অস্ত্ৰপ্ৰণালীৰে সংযুক্ত থাকিব যিয়ে নৌ-সেনাৰ জাহাজ আৰু ছাবমেৰিণক আঘাত কৰিব পৰাকৈ সক্ষম ৷ বিশেষকৈ শত্ৰু ছাবমেৰিনৰ স্থান চিনাক্ত কৰি উলিয়াই ইয়াক আঘাত কৰিব পৰাকৈ কম ওজনৰ air-launched torpedoes আৰু Hellfire missilesৰে সংযুক্ত হৈ থাকিব এই হেলিকপ্টাৰ ৷

People’s Liberation Army Navyয়ে ভাৰতৰ 16 খন ছাবমেৰিণৰ তুলনাত 76খন ছাবমেৰিণৰ শক্তিৰে সম্বৃদ্ধ ৷ শেহতীয়াকৈ এইটো অঞ্চলত বাংলাদেশ আৰু ম্যানমাৰৰ অন্তৰ্ভূক্তিক লৈ ছাবমেৰিনৰ এক দৌৰ অব্যাহত আছে ৷ য'ত ভাৰতে ম্যানমাৰক এখন ছাবমেৰিন প্ৰদান কৰাৰ লগতে চীনে বাংলাদেশক দুখনকৈ ছাবমেৰিন প্ৰদান কৰিছে ৷ আৰু ইয়াৰ বাবেই আমেৰিকাৰ ছাবমেৰিনক ধ্বংস কৰিব পৰা হেলিকপ্টাৰ বিক্ৰী চুক্তি অধিক লক্ষ্যণীয় হিচাপে পৰিগণিত হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.