নিউজ ডেক্স , 27 ডিচেম্বৰঃ দেশত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ দমনৰ বাবে দেশৰ সেনা প্ৰধান বিপিন ৰাৱাটে গ্ৰহণ কৰা স্থিতি সন্দৰ্ভত সেনা প্ৰধানজনক তীব্ৰ সমালোচনা কৰে ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমে ৷ তিৰুৱন্দপুৰমত কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ দ্বাৰা আয়োজিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী এক অনুষ্ঠানত অংশ লৈ প্ৰাক্তন বিত্তমন্ত্ৰীজনে মন্তব্য কৰে যে, হিংসাত্মক প্ৰতিবাদ কৰিছে বুলি সাধাৰণ জনতাক সমালোচনা কৰাতকৈ সেনাপ্ৰধানে নিজৰ দায়িত্ব আৰু কৰ্তব্যত গুৰুত্ব দিয়া উচিত ৷ তেখেতে লগতে মন্তব্য কৰে যে, দেশৰ এনে এক স্পৰ্শকাতৰ সময়ত দেশৰ সেনাপ্ৰধান আৰু উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানজনক চৰকাৰৰ সপক্ষে মন্তব্য কৰিবলৈ বাধ্য কৰোৱাটো অত্যন্ত লজ্জাজনক ৷
"দেশৰ আৰক্ষী, সেনাপ্ৰধানক চৰকাৰৰ সপক্ষে মন্তব্য কৰিবলৈ বাধ্য কৰোৱা হৈছে ৷ এইটো দেশ এখন সেনাপ্ৰধান এজনৰ দায়িত্ব হয়নে ? তেখেতে সেনাবাহিনীক নেতৃত্ব প্ৰদান কৰক, ৰাজনীতিবিদসকলৰ দায়িত্ব তেওঁলোকে পালন কৰিব ৷ যিদৰে সেনাপ্ৰধান এজনক আনে কোৱা প্ৰয়োজন নাই বা উচিত নহয় যে তেওঁ কেনেদৰে ৰণ-কৌশল প্ৰস্তুত কৰা উচিত, সেইদৰে ৰাজনীতিবিদসকলৰ কাৰ্যত তেওঁ হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই ৷"-সেনা প্ৰধানজনৰ কাৰ্যক কটাক্ষ কৰি মন্তব্য কৰে পি চিডাম্বৰমে ৷
কিছুদিন আগত দেশত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সমালোচনা কৰি সেনাপ্ৰধান বিপিন ৰাৱাটে দিল্লীত মন্তব্য কৰিছিল যে , "যিসকলে জনসাধাৰণক হিংসাত্মক কাৰ্যৰ বাবে উচতনি দিয়ে সেইসকলে কেতিয়াও তেওঁলোকক নেতৃত্ব দিব নোৱাৰে আৰু তেওঁলোকক প্ৰকৃত নেতা বুলিব নোৱাৰি ৷ বহু মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নেতৃত্বই ছাত্ৰ-ছাত্ৰী সকলক হিংসাত্মক ঘটনাৰ দিশলৈ ঠেলি দিছে ৷ তেঁওলোকক কেতিয়াও প্ৰকৃত নেতা বুলিব নোৱাৰে ৷" লক্ষণীয় যে, সেনাপ্ৰধান গৰাকীৰ এই মন্তব্যৰ বাবে আছাদউদ্দিন ওৱেছি, দিগ্বিজয় সিঙকে ধৰি বহু নেতাই সমালোচনা কৰিছে সেনা প্ৰধান গৰাকীক ৷
লগতে পঢ়কঃ বলীউডত নতুন তাৰকাৰ চিকমিকনি