ETV Bharat / bharat

পিতৃ-মাতৃৰ সন্মুখতেই মাওবাদীৰ আক্ৰমণত মৃত্যু আৰক্ষী - Naxals kill cop

চত্তিশগড়ৰ মাওঁবাদী অধ্যুসিত বিজাপুৰ জিলাত এগৰাকী আৰক্ষীৰ লোকক নিজা বাসগৃহতেই মাওঁবাদী উগ্ৰপন্থীয়ে হত্যা কৰিলে অতি নৃসংশভাৱে । নিজৰ পিতৃ-মাতৃৰ সন্মুখতে হত্যা কৰা চমাৰু পয়াম নামৰ আৰক্ষী কনিষ্টবল গৰাকী চিকিৎসাজনিত কাৰণত ছুটি লৈ ঘৰলৈ আহিছিল । চমাৰুৰ পিতৃ-মাতৃয়ে মাওবাদী উগ্ৰপন্থীৰ আক্ৰমণৰ পৰা পুত্ৰক উদ্ধাৰৰ চেষ্টা কৰিছিল যদিওঁ মাওঁবাদী দলটোৱে তেওঁলোককো আক্ৰমণ কৰে ।

Chhattisgarh: Cop killed in front of family by Naxals
চত্তিশগড়ৰ বিজাপুৰত মাওবাদীৰ আক্ৰমণত মৃত্যু আৰক্ষীৰ লোক
author img

By

Published : Jul 2, 2020, 6:56 PM IST

নিউজ ডেস্ক,২জুলাই: ঘটণাটো ঘটিছে জংলা আৰক্ষী থানাৰ অন্তৰ্গত মাটৱাৰা গাঁৱত । যোৱা ১০ জুনৰ পৰা চিকিৎসাজনিত কাৰণত ছুটি লৈ ঘৰত থকা অৱস্থাতে ১২ জনীয়া মাওঁবাদী দলটোৱে বুধবাৰে নিশা চাৰিওঁফালৰ পৰা ঘেৰি চমাৰু পয়াম নামৰ আৰক্ষী কনিষ্টবলগৰাকীক পৰিয়ালৰ আনসকল লোকৰ উপস্থিতিত কুঠাৰ, ধেনু কাড় আদিৰে আক্ৰমণ কৰি অতি নৃসংশভাৱে হত্যা কৰিলে । এই কথা অৱগত কৰিলে জিলাখনৰ আৰক্ষী অধীক্ষক কমলোচন কাশ্যপে।

Chhattisgarh: Cop killed in front of family by Naxals
চত্তিশগড়ৰ বিজাপুৰত মাওবাদীৰ আক্ৰমণত মৃত্যু আৰক্ষীৰ লোক

ঘটণাৰ তথ্য সদৰি হোৱাৰ পাছতেই ততাতৈয়াকৈ আৰক্ষীৰ দল উপস্থিত হয়গৈ যদিও ঘটণাস্থলীতে মৃত্যুবৰণ কৰিলে চমাৰু পয়াম নামৰ নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে ।

চমাৰু পয়ামক উগ্ৰপন্থী দলটোৰ আক্ৰমণৰ পৰা বচাবৰ বাবে চেষ্টা কৰা পিতৃ-মাতৃও মাওবাদী উগ্ৰপন্থীৰ দলটোৰ আক্ৰমণৰ বলি হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে । আক্ৰমণকাৰী মাওঁবাদী দলটোৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি অভিযান অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.