ETV Bharat / bharat

বিলাসপুৰৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ঘোষণা হৰদীপ সিং পুৰীৰ

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সৈতে হোৱা এক বৈঠকৰ পিছত কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বিলাসপুৰৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ঘোষণা কৰে।

author img

By

Published : Feb 5, 2021, 9:16 AM IST

বিলাসপুৰৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ঘোষণা হৰদীপ সিং পুৰীৰ
বিলাসপুৰৰ পৰা নতুন দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ঘোষণা হৰদীপ সিং পুৰীৰ

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী : ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ অনুৰোধত কেন্দ্ৰীয় অসামৰিক বিমান পৰিচালনা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বৃহস্পতিবাৰে ঘোষণা কৰা অনুসৰি,বিলাসপুৰক এতিয়া বিমানেৰে ৰাষ্ট্ৰীয় ৰাজধানীলৈ সংযোগ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

  • आप सबको बताते हुए खुशी हो रही है कि अब बिलासपुर से भी दिल्ली दूर नहीं रहेगी।

    बिलासपुर को भी दिल्ली से हवाई सेवा द्वारा जोड़ा जा रहा है।

    — Bhupesh Baghel (@bhupeshbaghel) February 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে শুকুৰবাৰে বাঘেলে নতুন দিল্লীৰ নিৰ্মাণ ভৱনত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে,য'ত তেওঁ বিলাসপুৰৰ পৰা দিল্লী,মুম্বাই আৰু কলকাতাৰ দৰে মেট্ৰ'লৈ বিমান সেৱা আৰম্ভ কৰিবলৈ অনুৰোধ জনায় ৷

পুৰীয়ে বিলাসপুৰৰ পৰা দিল্লীলৈ এয়াৰ ইণ্ডিয়াৰ বিমান তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।

ইফালে,পুৰীয়েও ৰায়পুৰত এটা কাৰ্গো হাব বিকশিত কৰাৰ ক্ষেত্ৰত বাঘেলৰ অনুৰোধ স্বীকাৰ কৰিছিল ৷ তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষক পৰৱৰ্তী সপ্তাহত স্থান পৰিদৰ্শন কৰিবলৈও নিৰ্দেশ দিছিল।

উল্লেখ্য যে,বাঘেলে অম্বিকাপুৰ বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ কৰা আৰু জগদলপুৰৰ পৰা মেট্ৰো চহৰলৈ বিমান আৰম্ভ কৰা সন্দৰ্ভত মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতে কথা পাতিছিল ৷

ইফালে,এআৰচি-৩চিলৈ বিলাসপুৰ বিমানবন্দৰৰ অনুজ্ঞাপত্ৰ উন্নীত কৰাৰ বাবে বাঘেলে পুৰীক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: কোকৰাঝাৰত অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.