নিউজ ডেস্ক, 31 মে’: ছট্টীশগড়ৰ চুকমা আৰক্ষীয়ে উৰিষ্যাৰ মালকানগিৰি জিলাৰ পৰা দেওবাৰে উৎখাত কৰিলে দেশী বন্দুক নিৰ্মাণ কৰা তথা নক্সালবাদীলৈ বন্দুক যোগান ধৰা এটা হস্তনিৰ্মিত বন্দুক নিৰ্মাণ কাৰখানা ৷ চুকমাৰ গাডিৰাছ আৰক্ষীয়ে পূৰ্বতে গ্ৰেপ্তাৰ কৰা মাডভি যোগা নামৰ এজন নক্সালবাদীয়ে যোগান ধৰা তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হয় কাৰখানাটো ৷ উল্লেখ্য যে , শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাটেকল্যান নক্সাল কমিটীৰ লগত প্ৰায় 7-8 বছৰ ধৰি সংযুক্ত হৈ থকা মাডভি যোগাৰ শিৰৰ মূল্য 5 লাখ টকা ধাৰ্য কৰিছিল চৰকাৰে ৷
যোগাৰ সূত্ৰ পম খেদিয়েই চুকমা আৰক্ষীয়ে কাৰখানাটো উৎখাত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে জগন্নাথ বাৰাণি নামৰ অস্ত্ৰ সৰবৰাহকাৰীজনক ৷ আৰক্ষীৰ তথ্য অনুসৰি, বিগত বৰ্ষত সৰবৰাহকাৰীজনে প্ৰায় 35 টা হস্তনিৰ্মিত পিষ্টল নক্সালবাদীক যোগান ধৰিছিল ৷ কাৰখানাটোৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক, 10 টা বেৰেল গান আৰু অস্ত্ৰ নিৰ্মাণত ব্যৱহাৰ হোৱা বহু সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ এই সম্বন্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে চুকমা আৰক্ষী অধীক্ষক শ্বালাভ সিংহাই ৷
লগতে পঢ়কঃ বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল