ETV Bharat / bharat

ছত্তিশগড়ত নক্সালৰ বিস্ফোৰণত আহত দুজন লোক - ied

মঙলবাৰে ছত্তিশগড়ৰ বিজাপুৰ জিলাত নক্সালে এটা বিস্ফোৰক ডিভাইচ ব্যৱহাৰ কৰি এখন বাহনত বিস্ফোৰণ ঘটোৱাৰ ফলত দুগৰাকী লোক আহত হয় । পুৱা প্ৰায় 9 বজাত বাচাগুড়া আৰু তাৰেম গাঁৱৰ মাজৰ ৰাজপেণ্টা গাঁৱৰ সমীপত সংঘটিত হয় বিস্ফোৰণটো ৷

ছত্তিশগড়ত নক্সালৰ বিস্ফোৰণত আহত দুজন লোক

author img

By

Published : Dec 1, 2020, 7:11 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি, মঙলবাৰে ছত্তিশগড়ৰ বিজাপুৰ জিলাত নক্সালে এটা বিস্ফোৰক ডিভাইচ ব্যৱহাৰ কৰি এখন বাহনত বিস্ফোৰণ ঘটোৱাৰ ফলত দুগৰাকী লোক আহত হয় ।

পুৱা প্ৰায় 9 বজাত ঘটনাটো সংঘটিত বাচাগুড়া আৰু তাৰেম গাঁৱৰ মাজৰ ৰাজপেণ্টা গাঁৱৰ সমীপত । দুয়োগৰকী লোকে এখন বাহনত তাৰেম অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ।

ছত্তিশগড়ত নক্সালৰ বিস্ফোৰণত আহত দুজন লোক
ছত্তিশগড়ত নক্সালৰ বিস্ফোৰণত আহত দুজন লোক

আহত লোক দুগৰাকী বাহন খানৰ স্বত্বাধিকাৰী মহম্মদ ইকবাল আনচাৰী আৰু মটৰ মেকানিক বলৰাম প্ৰধান বুলি জানিব পৰা গৈছে । বিস্ফোৰণৰ বিষয়ে অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত গৈ এটা আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীয়ে ততাতৈয়াকৈ আহত লোক কেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা সন্দেহ অনুসৰি, দুৰ্বৃত্তই কোনো নিৰাপত্তাৰক্ষীৰ লোকক লক্ষ্য কৰি হয়তো এনে ঘটনা সংঘটিত কৰিছিল ; কিন্তু ভুলবশতঃ সাধাৰণ নাগৰিকৰ বাহনলৈ লক্ষ্য কৰি বিস্ফোৰণটো ঘটোৱা হ'ল ।

লগতে পঢ়ক: বিশ্বৰ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰৰ প্ৰমাণ প্ৰত্ৰ এটি শিশুলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.