কলকাতা, 29 এপ্ৰিলঃ দুটা আভ্যন্তৰিণ মন্ত্ৰণালয়ৰ দলে COVID-19 পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে ভ্ৰমণ কৰে কলকাতাৰ কেবাটাও অঞ্চল । মঙলবাৰে পশ্চিমবংগৰ উত্তৰ 24 পাৰ্গানাচ আৰু জলপাইগুৰি জিলা দুখন ভ্ৰমণ কৰে দলটোৱে । এই জিলা দুখনৰ COVID-19 আক্ৰান্ত অঞ্চল সমূহ দলটোৱে ভ্ৰমণ কৰি লক ডাউন কঠোৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ।
এটা দলৰ নেতৃত্বত আছিল জেষ্ঠ্য বিষয়া অপূৰ্ব চন্দ্ৰ । তেওঁ উত্তৰ 24 পাৰ্গানাচ জিলাৰ কলকাতাৰ অংশৰ লগতে বৰচাট আৰু বিৰাতি অঞ্চলৰ পৰ্যবেক্ষন চলাই ।
বৰচাট অঞ্চলত এখন হাস্পতালত কেন্দ্ৰীয় সমিতিৰ সদস্য সকলক প্ৰৱেশ কৰাত বাধা দিয়ে, কিয়নো তাত বহুতো COVID-19 আক্ৰান্ত ব্যক্তি চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে । সেয়ে তেওঁলোকে বাহিৰতেই চিকিৎসা কৰ্মীৰ সৈতে কথা বতৰা পাতি সকলোৰে স্বাস্থ্যৰ বুজ লয় । কেন্দ্ৰীয় সমিতিয়ে সমগ্ৰ অঞ্চলটোত লক্ ডাউন কঠোৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।
দ্বিতীয়টো দলক নেতৃত্ব দি জলপাইগুৰিৰ বিভিন্ন অঞ্চল , চাহ বাগিছা, হাস্পতালৰ পৰ্যবেক্ষণ কৰে বিষয়া বিনোদ জোশীয়ে ।
অপূৰ্ব চন্দ্ৰক এই ভ্ৰমণত নিৰাপত্তা দিয়ে বিএচএফ ৰ জোৱানে । তেওঁ এখনো আৰক্ষীৰ বাহন পত্যক্ষ নকৰা বুলি মন্তব্য কৰে । উল্লেখ্য যে, বিগত সপ্তাহত ৰাজ্য চৰকাৰে তেওঁলোকৰ কামত সহযোগীতা কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিল ।