নিউজ ডেস্ক, ৭ জুলাই : কোভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰা ঔষধে মানৱ শৰীৰত কাম কৰিছে নে নাই সেই সম্পৰ্কে জানিবলৈ এখন শ্বি'প গঠন কৰা হৈছে । কেমব্ৰিজ বিশ্ববিদ্যালয়, কোৰনেল বিশ্ববিদ্যালয় আৰু ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে গঠন কৰিছে এই ইলেকট্ৰনিক শ্বি'প । এই শ্বি'পত এক ইলেকট্ৰনিক মাধ্যমৰ জৰিয়তে কি ঔষধে শৰীৰত কেনে ধৰণৰ কাম কৰিছে সেয়া জানিব পৰা যাব । উক্ত অধ্যয়ন সম্বন্ধে Langmuir আৰু ACS Nano নামৰ আলোচনীখনত প্ৰকাশ কৰা হৈছে বিতং তথ্য ।
এই ইলেকট্ৰনিক শ্বি'পৰ জৰিয়তে ঔষধে কেনেকুৱাকৈ কাম কৰিছে, ৰোগী গৰাকীয়ে আৰোগ্য লাভ কৰিছে নে নাই সেই সম্পৰ্কে গম পোৱা যাব । লগতে বিজ্ঞানী সকলে জনোৱা অনুসৰি, ইয়াৰ ব্যৱহাৰে নতুন ঔষধ প্ৰস্তুত কৰাত সহায় হ'ব বুলি জানিব পৰা গৈছে ।