ETV Bharat / bharat

লক ডাউন 4.0 সম্পৰ্কে কেবিনেট সচিবৰ আলোচনা

author img

By

Published : May 18, 2020, 12:08 PM IST

কেবিনেট সচিব ৰাজীৱ গৌবাই ভিডিঅ' কনফাৰেন্স যোগে সকলো ৰাজ্যৰ মুখ্য সচিবৰ সৈতে এক আলোচনাত মিলিত হয় । লক ডাউন 4.0 কাৰ্যকৰী কৰণ সম্পৰ্কে তেওঁ বিস্তৃতভাৱে আলোচনা কৰে ।

লক ডাউন 4.0 সম্পৰ্কে কেবিনেট সচিবৰ আলোচনা
লক ডাউন 4.0 সম্পৰ্কে কেবিনেট সচিবৰ আলোচনা

নিউজ ডেস্ক, 18 মে': কেবিনেট সচিব ৰাজীৱ গৌবাই ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যৰ মুখ্য সচিবসকলৰ সৈতে বৈঠকত মিলিত হয় । তেওঁ এই বৈঠকত লক ডাউন 4.0 বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে । চতুৰ্থ পৰ্যায়ৰ লক ডাউনত ৰাজ্যসমূহক অধিক ক্ষমতা দিয়া হৈছে আৰু জ'ন নিৰ্ণয়ো ৰাজ্য চৰকাৰেই কৰিব পাৰিব বুলি প্ৰকাশ ৷

উল্লেখ্য যে, কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে 25 মাৰ্চত লক ডাউন ঘোষণা কৰিছিল । প্ৰথম পৰ্যায়ৰ লক ডাউনত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো বন্ধ আছিল । পৰৱৰ্তী সময়ত 15 এপ্ৰিলৰ পৰা পুনৰ 3 মে'লৈ লক ডাউন বৃদ্ধি কৰে । আকৌ 4 মে'ৰ পৰা 17 মে'লৈ তৃতীয় পৰ্যায়ৰ লক ডাউন জাৰি কৰে । তৃতীয় পৰ্যায়ৰ লক ডাউনত কিছু শিথিলতা প্ৰদান কৰা হৈছিল । আনহাতে 18 মে'ৰ পৰা পুনৰ 31 মে'লৈ লক ডাউন বৃদ্ধি কৰা হৈছে । এই সময়চোৱাত যথেষ্ট শিথিলতা প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰক কৌশল নিৰ্ধাৰণ আৰু সিদ্ধান্ত ল'বৰ বাবে অধিক ক্ষমতা অৰ্পন কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.