নিউজ ডেস্ক, ২২ জুন : সোমবাৰে উত্তৰাখণ্ডৰ ভাৰত-চীন সীমান্ত অঞ্চলৰে এখন মালবাহী ট্ৰা'ক পাৰ কৰাৰ চেষ্টা চলাইছিল । উক্ত ঘটনাটো লীলম জোহৰ ঘাটি অঞ্চলৰ ধাপা-মিলম ৰাজপথত সংঘটিত হৈছিল ।
তথ্য অনুসৰি, ট্ৰা'কখনত থকা দুজন ব্যক্তিৰ ভিতৰত ট্ৰা'কৰ ড্ৰাইভাৰজনো আছিল । তেওঁলোক গুৰুতৰভাবে আহত হৈছে আৰু চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
ট্ৰা'কখনত ধাপা-মিলম ৰোডৰ এখন দলং নিৰ্মাণৰ বাবে সামগ্ৰী লৈ যোৱা হৈছিল ।
উল্লেখযোগ্য যে, উক্ত পুলটো ভাঙি যোৱাৰ ফলৰ উক্ত অঞ্চলত প্ৰায় ৭ হাজাৰ লোক ক্ষতিগ্ৰস্থ হৈছে ।