নিউজ ডেস্ক,18 জুন : পানীৰ তলত যাদু প্ৰদৰ্শন কৰোতে মৃত্যু উদীয়মান যাদুকৰৰ ৷ হুগলী নদীত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ যাদুকৰ মেনদ্ৰেক নামেৰে জনপ্ৰিয় চঞ্চল লাহিৰীয়ে দেওবাৰে হুগলী নদীত যাদু প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰাৰ পাচৰে পৰা সন্ধানহীন হৈ আছিল ৷ যাদুকৰ হেৰী হৌদিনীৰ দৰে যাদু প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰাৰ সময়তে সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷
চঞ্চল লাহিৰীয়ে হাত আৰু ভৰি শিকলিৰে বান্ধি নিজকে এটা সৰু বাকচত আবদ্ধ কৰিছিল ৷ ইয়াৰ পাচতে ক্ৰেনৰ সহায়ত তেওঁক নৈ পানীৰ তললৈ লৈ যোৱা হৈছিল ৷ কিন্তু যাদুকৰ জনে নিজকে এই বান্ধৰ পৰা মুকলি কৰিবলৈ সক্ষম নোহোৱাৰ ফলতে সংঘটিত হয় এই কৰুণ ঘটনাটো ৷ দীৰ্ঘসময়ৰ পাচতো গংগা নদীৰ বুকুৰ পৰা উঠি নহাত আৰম্ভ হৈছিল যাদুকৰ জনৰ উদ্ধাৰ অভিযান ৷ এক কিল'মিটাৰ আঁতৰত শিকলিৰে বন্ধা অৱস্থাতে সোমবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰে যাদুকৰ জনৰ মৃতদেহ ৷ যাদুকৰ জনে যাদু প্ৰদৰ্শনৰ পূৰ্বে দৰ্শকসকলক কৈ গৈছিল যে, তেওঁ উভতি আহিলে হ'ব মেজিক ( যাদু ) কিন্তু সফল নহ'লে হ'ব ট্ৰেজিক (দুঃখজনক ) ৷
উল্লেখযোগ্য যে ,চঞ্চল লাহিৰীয়ে এই যাদু বহুবাৰ সফলতাৰে কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে ইয়াৰ পূৰ্বে 2013 চনত এই যাদু প্ৰদৰ্শন কৰোতে দৰ্শকক ঠগিবলৈ চেষ্টা কৰাৰ অভিযোগত যাদুকৰ জনক দৰ্শকে আক্ৰমণো কৰিছিল ৷