ETV Bharat / bharat

COVID-19ৰ লক্ষণ: চিকিৎসালয়ত ভৰ্তি সম্বিত পাত্ৰ

author img

By

Published : May 28, 2020, 3:02 PM IST

এক সুত্ৰত প্ৰকাশ পোৱা অনুসৰি, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে তেওঁৰ দেহত দেখা দিছে COVID-19ৰ লক্ষণ ।

BJP spokesperson Sambit Patra hospitalised after COVID-19 symptoms

নেশ্যনেল ডেস্ক, ২৮ মে': এক বিশেষ সুত্ৰ অনুসৰি জানিব পৰা গৈছে যে, দেহত COVID-19ৰ লক্ষণ দেখা দিয়াৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰক গুড়গাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

চিকিৎসালয় কৰ্তৃপক্ষই জানিব দিয়া মতে, তেওঁক বৃহস্পতিবাৰে গুৰগাঁৱৰ মেদান্তা হাস্পতালত ভৰ্তি কৰোৱা হয় ।

সংবাদ মাধ্যমত আটইতকৈ বেছি দেখিবলৈ পোৱা এই বিজেপি মুখপাত্ৰ গৰাকীৰ দেহত পোৱা গৈছিল COVID-19ৰ লক্ষণ ।

সম্বিত পাত্ৰ চছিয়েল মিডিয়াতো যথেষ্ট সক্ৰিয় আৰু বৃহস্পতিবাৰে তেওঁ কেইবাটাও টুইট কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.