ETV Bharat / bharat

সংসদত বাঘজানৰ প্ৰসংগ উত্থাপন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

author img

By

Published : Sep 16, 2020, 8:54 PM IST

সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত বাঘজান কাণ্ডৰ বিষয়ে উত্থাপন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ৷ স্থানীয় লোকৰ জীৱন জীৱিকাৰ লগতে পৰিৱেশৰ প্ৰতি অহা ভাবুকিৰ প্ৰসংগ উত্থাপন সাংসদ বৈশ্যৰ

BIRENDRA PRASAD BAISHYA ON RAJYASABHA
সংসদত বাঘজানৰ প্ৰসংগ উত্থাপন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

নিউজ ডেস্ক, 16 চেপ্তেম্বৰ: বাঘজানৰ ঘটনাক লৈ অঞ্চলটোৰ লগতে সমগ্ৰ দেশজুৰি দীৰ্ঘদিনৰ পৰা এক চিন্তাৰ পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এই প্ৰসংগ উত্থাপন কৰে ৷ বাঘজানৰ দুৰ্ভাগ্যজনক ঘটনাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কে সংসদৰ অধ্যক্ষ গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰি বৈশ্যই কয়, "বিগত 27 মে' ৰ পৰাই বাঘজান তেল খাদৰ পৰা অবিৰত ভাৱে প্ৰাকৃতিক গেছ নিৰ্গত হৈ আছে ৷ অঞ্চলটো জুইয়ে আগুৰি ধৰাৰ ফলত স্থানীয় লোকসকলৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে ৷

ইতিমধ্যে তিনি জনকৈ বিদেশী বিশেষজ্ঞ জুই নুমুৱাবলৈ গৈ আঘাতপ্ৰাপ্ত হৈছে৷ "বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তেওঁ লগতে কয় যে ডিব্ৰু চৈখোৱাৰ লগতে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশৰ ওপৰত এই ঘটনাৰ ফলত যথেষ্ঠ বিৰূপ প্ৰভাৱ পেলাইছে ৷

লগতে পঢ়ক: বাঘজানবাসীৰ খবৰ কোনে ৰাখিছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.