নিউজ ডেস্ক, 13 এপ্ৰিলঃ কৰ’ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট মহামাৰীয়ে সকলোকে আঠু কাঢ়িবলৈ বাধ্য কৰালেও, বিহাৰৰ এহাল দম্পতীৰ মনোবল হ্ৰাস কৰিব পৰা নাই ৷ জুলি কুমাৰী আৰু শ্ৰীৰাম শৰ্মা নামৰ দম্পতীহালে শুকুৰবাৰে আদৰণি জনায় এহাল যমজ সন্তান ৷ বিহাৰৰ গয়া জিলাৰ জয়ানন্দন বিঘাৰ বাসিন্দা দম্পতীহালে ৰাইজৰ মনৰ পৰা কৰ’ণা ভাইৰাছৰ শংকা আঁতৰ কৰিবলৈ নিজৰ যমজ সন্তানৰ নাম কোভিড আৰু কৰ’ণা হিচাপে নামাংকন কৰে ৷
যমজ সন্তানহালৰ ল’ৰাটোৰ নাম কোভিড আৰু ছোৱালীটোৰ নাম কৰ’ণা ৰখা হয় ৷ সন্তানহালৰ পিতৃয়ে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷