নিউজ ডেস্ক, 28 অক্টোবৰ : 2 কোটিৰো অধিক ভোটাৰে বিহাৰত আজি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 71টা বিধানসভা সমষ্টিত 1,066 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ৷ নিৰ্বাচন আয়োগ আৰু স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট কোভিড-19 নীতি-নিয়মৰ মাজেৰেই শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটদান আৰম্ভ হৈছে ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পূৰ্বৰ 1,600 ভোটাৰৰ পৰিৱৰ্তে 1,000 গৰাকী ভোটাৰক ভোটদান কৰিবলৈ অধিকাৰ দিয়া হৈছে ৷ 80 বৰ্ষৰ ঊৰ্ধৰ ব্যক্তিসকলক পোষ্টেল বেলটৰ দ্বাৰাই ভোটদান কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে ৷ ইয়াৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহ ছেনিটাইজ কৰাৰ লগতে পোলিং বিষয়া আৰু ভোটাৰসকলৰ থাৰ্মেল স্ক্ৰীণিং কৰাৰ উপৰিও ছেনিটাইজাৰ আৰু মাস্ক বাধ্যতামুলক কৰি দিয়া হৈছে ৷
প্ৰথম পৰ্যায়ত ভোটদান কৰিবলগীয়া 2.14 কোটি ভোটাৰৰ 1.01 কোটি ভোটাৰ মহিলা হোৱাৰ লগতে 599 গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে ৷ আনহাতে প্ৰাৰ্থীসকলৰ ভিতৰত 952গৰাকী পুৰুষ আৰু 114 গৰাকী মহিলা প্ৰাৰ্থী আছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত জেডি(ইউ)য়ে 35খন আসনত প্ৰতিদ্বন্দিতা কৰিছে, বিজেপিয়ে 29খনত আৰু আৰজেডিয়ে 42খন আৰু কংগ্ৰেছে 20খন আসনত, লোক জনশক্তি পাৰ্টীয়ে 41খনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হৈছে কমনৱেলথ গেমছত সোণৰ পদক বিজয়ী শ্ৰেয়সী সিং, যিয়ে বিজেপিৰ হৈ জামুই বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে ৷ শ্ৰেয়সীয়ে আৰজেডিৰ বৰ্তমানৰ বিধায়ক বিজয় প্ৰকাশ যাদৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা দিব্যা প্ৰকাশে তেওঁৰ পিতৃৰ সমষ্টি তাৰাপুৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷
নিৰ্বাচনত সকলোকে আহি ভোটদান কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা আৰু মহাগোটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে ৷ আনহাতে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত ভোটাৰসকল স্বাস্থ্যগত দিশত অধিক সজাগ হৈ ভোটদান কৰা পৰিলক্ষিত হৈছে ৷ প্ৰথম পৰ্যায়ৰ ভোটদানৰ প্ৰথম ঘন্টাত এতিয়াকৈ 2.4 শতাংশ ভোটদান সম্পূৰ্ণ হৈছে ৷ আনহাতে লক্ষীচৰাই সমষ্টিৰ 168 নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমত বিসংগতি হোৱা বুলি জানিব পৰা গৈছে ৷
-
बिहार विधानसभा चुनावों में आज पहले दौर की वोटिंग है।
— Narendra Modi (@narendramodi) October 28, 2020 " class="align-text-top noRightClick twitterSection" data="
सभी मतदाताओं से मेरा आग्रह है कि वे कोविड संबंधी सावधानियों को बरतते हुए, लोकतंत्र के इस पर्व में अपनी हिस्सेदारी सुनिश्चित करें।
दो गज की दूरी का रखें ध्यान, मास्क जरूर पहनें।
याद रखें, पहले मतदान, फिर जलपान!
">बिहार विधानसभा चुनावों में आज पहले दौर की वोटिंग है।
— Narendra Modi (@narendramodi) October 28, 2020
सभी मतदाताओं से मेरा आग्रह है कि वे कोविड संबंधी सावधानियों को बरतते हुए, लोकतंत्र के इस पर्व में अपनी हिस्सेदारी सुनिश्चित करें।
दो गज की दूरी का रखें ध्यान, मास्क जरूर पहनें।
याद रखें, पहले मतदान, फिर जलपान!बिहार विधानसभा चुनावों में आज पहले दौर की वोटिंग है।
— Narendra Modi (@narendramodi) October 28, 2020
सभी मतदाताओं से मेरा आग्रह है कि वे कोविड संबंधी सावधानियों को बरतते हुए, लोकतंत्र के इस पर्व में अपनी हिस्सेदारी सुनिश्चित करें।
दो गज की दूरी का रखें ध्यान, मास्क जरूर पहनें।
याद रखें, पहले मतदान, फिर जलपान!
ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই ঔৰংগাবাদত দুটাকৈ শক্তিশালী আইইডি উদ্ধাৰ কৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে ৷ ইতিমধ্যে এক সুৰক্ষিত স্থানত দুয়োটা আইইডি নিস্ক্ৰিয় কৰা হৈছে ৷ ভোটদান আৰম্ভ হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি সকলোৱে গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, প্ৰথমে ভোটদান, তাৰ পিচত জলপান ৷
লগতে পঢ়ক : বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ৰ ৩৪% প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ