ETV Bharat / bharat

এগৰাকী ৪ বছৰীয়া শিশুৰ জন্মদিনত চাৰপ্ৰাইজ গিফ্ট বিহাৰৰ আৰক্ষীৰ - ৪ বছৰীয়া শিশুৰ জন্মদিনত বিহাৰ আৰক্ষীৰ চাৰপ্ৰাইজ গিফ্ট

লক ডাউনৰ মাজতেই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে বিহাৰ আৰক্ষীৰ এক কৰ্মই । এগৰাকী ৪ বছৰীয়া শিশুৰ জন্মদিনত বিহাৰ আৰক্ষীৰ চাৰপ্ৰাইজ গিফ্ট ।

Bihar cops surprise boy, bring cake for his birthday amid countrywide lockdown

author img

By

Published : Apr 20, 2020, 11:55 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ দেশত এতিয়া কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে চলি আছে দ্বিতীয়টো লক ডাউন । লক ডাউনৰ মাজতেই ৪ বছৰীয়া শিশুৰ জন্মদিনত দেউতাকে কৰিব নোৱাৰা কাম কৰিলে বিহাৰ আৰক্ষীৰ এটা দলে ।

দৰাচলতে পিতৃ অংকুৰ কুমাৰ গুপ্তা নামৰ লোকজনে ৪ বছৰীয়া পুত্ৰৰ জন্মদিন উপলক্ষে দেওবাৰে কেক অনাৰ উদ্দেশ্য়লৈ লক ডাউনৰ মাজতেই ওলাই গৈছিল ঘৰৰ পৰা। কিন্তু আধা বাটতেই আৰক্ষীয়ে আগভেটি ধৰি ঘৰলৈ যাবলৈ কয় গুপ্তাক ।

আৰক্ষীক কেক ল'বলৈ ওলাই অহা কথা উল্লেখ কৰে যদিও আৰক্ষীয়ে তেওঁৰ ঘৰৰ ঠিকনা বিচাৰি,ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়ে বুলি জানিবলৈ গুপ্তাই । তেওঁলোকে আশাও কৰা নাছিল যে আৰক্ষীয়ে নিজেই কেক আনি মোৰ সন্তানৰ জন্মদিন পালন কৰিব। সঁচাকৈ এই কাৰ্য অনুপ্ৰেৰণাদায়ক। নাগৰিকৰ প্ৰতি এনেদৰে শুশ্ৰষা কৰাৰ বাবে মোৰ ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক লৈ মই গৰ্বিত বুলি কয় পিতৃ অংকুৰ গুপ্তাই ।

এছএছপি বাবুৰামৰ মতে,আৰক্ষীয়ে নিজেই লোকজনৰ ঘৰলৈ গৈ লোকজনৰ পুত্ৰৰ জন্মদিন উপলক্ষে গিফ্ট,চকলেট,কেক ইত্যাদি নি জন্মদিন উদযাপন কৰে ।

কৰ'ণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ লক ডাউনৰ নিময় সমূহ গুৰুত্ব সহকাৰে পালন কৰাৰ লগতে সতৰ্কতামূলক ব্য়ৱস্থা অৱলম্বনৰ আহ্বান জনায়। বিহাৰত বৰ্তমানলৈকে ৮৬ জন লোকৰ দেহত কোবিভ-১৯ মহামাৰী ধৰা পৰাৰ লগতে ২ জন লোকৰ মৃত্য়ু হৈছে।

আনহাতে এনে এক অনুৰূপ ঘটনা পাঞ্জাৱটো দেখা পোৱা গৈছিল ১৮ এপ্ৰিলত । মানচা আৰক্ষীয়ে এগৰাকী ১ বছৰীয়া কণমাণিৰ প্ৰথমটো জন্মদিনত ঘৰৰ দুৱাৰ দলীত জন্মদিনৰ কেক লৈ উপস্থিত হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.