নিউজ ডেস্ক , 1 ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় বাজেট উত্থাপনৰ সময়ত "বেটী বচাও,বেটী পঢ়াও" আঁচনিক প্ৰশংসা কৰি বিত্তমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, এই আঁচনি খন সমগ্ৰ দেশতে বিশেষভাৱে সফল হৈছে আৰু বৰ্মানলৈকে আঁচনিখনৰ বহু ধনাত্মক ফলাফল দেখিবলৈ পোৱা গৈছে ৷ শিক্ষাৰ প্ৰত্যেকটো স্তৰতে ছাত্ৰৰ তুলনাত ছাত্ৰীৰ নামভৰ্তিৰ অনুপাত সমগ্ৰ দেশতেই অধিক বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ লগতে মন্ত্ৰী সীতাৰমণে উল্লেখ কৰে যে , দেশৰ 6 লাখতকৈও অধিক অংগণাৱাদী কৰ্মী সম্প্ৰতি নিজ কৰ্মক্ষেত্ৰত স্মাৰ্টফোনৰ সৈতে সুসজ্জিত হৈ আছে ৷

পুষ্টিকৰণ আঁচনিলৈ 35,600 কোটি টকা ঘোষণা কৰাৰ লগতে দেশৰ মহিলা সকলৰ বাবে বিশেষভাৱে 28600 কোটি টকাৰ অনুদান ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ মহিলা সকলৰ বিবাহযোগ্য বয়স বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে টাক্সফোৰ্ট গঠন কৰাৰো আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়কঃ ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান