নিউজ ডেস্ক, 29 মাৰ্চ : কেৰালাৰ এহাল দম্পতীয়ে কৰণা ভাইৰাছত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ বলত আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ দম্পতীহালে ভাইৰাছৰ কৱলৰ পৰা মুক্ত হৈ সাধাৰণ ৰাইজলৈ বিশেষ অনুৰোধ জনাইছে ৷
দম্পতীহালে মাৰ্চ মাহৰে পৰাই আছুতীয়াকৈ আছিল আৰু 21 দিনৰ চিকিৎসা গ্ৰহণ কৰিছিল ৷ ইটালীৰ পৰা 29 ফেব্ৰুৱাৰীত আহি কেৰালাত উপস্থিত হৈছিল দম্পতীহাল ৷ তাৰ পৰৱৰ্তী সময়ত দম্পতীহালৰ সৈতে তেওঁলোকৰ জোৱাই আৰু মাক-দেউতাক কৰণাত আক্ৰান্ত হৈছিল ৷ কিন্তু চিকিৎসাৰ বলত আটাইকেইগৰাকীয়ে কৰণাৰ গ্ৰাসৰ পৰা মুক্ত হয় ৷ শনিবাৰে তেওঁলোকক কোট্টায়েম মেডিকেল কলেজ হস্পিতালৰ পৰা মুকলি কৰি দিয়া হয় ৷
সাংবাদিকৰ আগত দম্পতীহালে কোৱা অনুসৰি, আছুতীয়াকৈ ৰখা সময়খিনি বহুতেই কঠিন ৷ এই সময়ত আহি সকলোকে এটাই আহ্বান জনাব বিচাৰো যে, সকলোৱে নিজৰ গৃহত সুৰক্ষিত থাকক ৷ চিকিৎসকৰ পৰামৰ্শ মানি চলক ৷