ETV Bharat / bharat

বাবৰি মছজিদ ধ্বংস কাণ্ড: ৩০ ছেপ্তেম্বৰত চিবিআইৰ বিশেষ আদালতে ৰায়দান কৰিব

author img

By

Published : Sep 30, 2020, 12:48 PM IST

২৮ টা বছৰ জোৰা এক দীঘলীয়া অপেক্ষাৰ অন্তত, অৱশেষত বাবৰি মছজিদ ধ্বংস কাণ্ডৰ ৰায়দান দিয়াৰ ঐতিহাসিক দিন কাষ চাপিছেহি ৷ এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কেৱল লক্ষ্ণৌস্থিত চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ সুৰেন্দ্ৰ যাদৱৰ দাৰা ঘোষিত হ’বলগীয়া ৰায়দানৰ ওপৰত ৷

Babri Demolition Case etv bharat news
বাবৰি মছজিদ ধ্বংস কাণ্ড

লক্ষ্ণৌ,30 ছেপ্তেম্বৰ: 28 বছৰৰ অন্তত ভাৰতবৰ্ষৰ আটাইতকৈ বিতৰ্কিত বিষয়, বাবৰি মছজিদ ধ্বংস কাণ্ডৰ ৰায়দানৰ দিনটো ক্ৰমশঃ কাষ চাপিছেহি ৷ 30 ছেপ্তেম্বৰত ইয়াৰ ৰায় প্ৰদান কৰা হ’ব ৷ লক্ষ্ণৌস্থিত চি বি আইৰ বিশেষ আদালতৰ ন্যায়াধীশ সুৰেন্দ্ৰ যাদৱে বুধবাৰে 10.30 বজাত ৰায়দান কৰিব ৷ এই ধ্বংস কাণ্ডৰ অভিযুক্তৰ তালিকাত নাম থকা 49 জন অভিযুক্তৰ ভিতৰত 17 জনৰেই ইতিমধ্যে মৃত্যু ঘটিছে ৷ ৰায়দান প্ৰদান কৰাৰ মুহুৰ্তত যাতে বাকী জীৱিত 32 জন অভিযুক্তৰ আটাইকেইজনেই আদালতত উপস্থিত থাকে তাৰ বাবে সুৰেন্দ্ৰ যাদৱে নিৰ্দেশ জাৰি কৰিছে ৷ অন্যান্য অভিযুক্তসকলৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানি, ড৹ মুৰলী মনোহৰ যোশী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং যাদৱ আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী উমা ভাৰতী হৈছে অন্যতম ৷ মূলতঃ অভিযুক্তসকলৰ বাৰ্ধক্যৰ বাবে ৰায়দানৰ সময়ত আদালতত উপস্থিত থাকিব পাৰিবনে নাই তাক লৈ এতিয়াও কৌতুহলৰ অৱসান ঘটা নাই ৷ কৰ’ণা সংক্ৰমণৰ বিষয়কলৈও এই সন্দেহ প্ৰকাশ কৰা হৈছে ৷

Babri Demolition Case etv bharat news
মুৰলী মনোহৰ যোশী

যি নহওঁক, আন আন উল্লেখযোগ্য অভিযুক্তসকল যেনে সাধৱী ৰিতাম্ভৰা, বিনয় কাটিয়াৰ তথা পৱন পাণ্ডে আদালতত সোঁ-শৰীৰেৰে উপস্থিত থাকিব বুলি আশা কৰা হৈছে ৷ জীৱিত অভিযুক্তসকল ক্ৰমান্বয়ে, এল কে আদৱানি, মুৰলী মনোহৰ যোশী, সুধীৰ কক্কৰ, সতীশ প্ৰধান, ৰামচন্দ্ৰ খাট্ৰি, সন্তোষ ডুবে, কল্যাণ সিং, উমা ভাৰতী, ৰামবিলাল বেদান্তি, বিনয় কটিয়াৰ, প্ৰকাশ শৰ্মা, গান্ধী য়াদৱ, জয় ভান সিং, লল্লো সিং, কমলেশ ত্ৰিপাঠী, ব্ৰীজভূষণ সিং, ৰামজী গুপ্তা, মহন্ত নৃত্য গোপাল দাস, চম্পত ৰায়, সাক্ষী মহাৰাজ, বিনয় কুমাৰ ৰায়, নবীন ভাই শুক্লা, ধৰ্ম দাস, জয় ভাগৱান গোয়েল, অমৰনাথ গোৱেল, সাধৱী ৰিতাম্ভৰা, পৱন পাণ্ডে, বিজয় বাহাদুৰ সিং, আৰ এম শ্ৰীবাস্তৱ, ধৰ্মেন্দ্ৰ সিং গুৰ্জৰ, ওমপ্ৰকাশ পাণ্ডে আৰু আচাৰ্য ধৰ্মেন্দ্ৰ ৷

আনহাতে মৃত অভিযুক্তসকল ক্ৰমান্বয়ে, পৰমহংস ৰামচন্দ্ৰ দাস, বিনোদ কুমাৰ ৱাটচ, ৰাম নাৰায়ণ দাস, ডি বি ৰায়, লক্ষ্মী নাৰায়ণ দাস, হৰগোবিন্দ সিং, ৰমেশ প্ৰতাপ সিং, দেৱেন্দ্ৰ বাহাদুৰ, অশোক সিংহল, গিৰিৰাজ কিশোৰ, বিষ্ণুহৰি ডালমিয়া, মোৰেশ্বৰ চাৱে, মহন্ত অবৈদ্যনাথ, মহামন্দলেশ্বৰ জগদীশ মুনি মহাৰাজ, বৈকুন্ঠ লাল শৰ্মা, সতীশ কুমাৰ নাগৰ আৰু বালা চাহেব ঠাকৰে ৷

Babri Demolition Case etv bharat news
এল কে আদৱানি

1992 চনৰ 6 ডিচেম্বৰৰ বাবৰি মছজিদ ধ্বংস কাণ্ড :

1992 চনৰ 6 ডিচেম্বৰত উচ্চ ন্যায়ালয়ে সমগ্ৰ দেশৰ পৰা যিসকলে ‘কৰ সেৱা’ তথা পবিত্ৰ সেৱা কাৰ্যসূচীত ভাগ ল’ব বিচাৰে তাৰ বাবে তেওঁলোকক অনুমতি প্ৰদান কৰিছিল ৷ আদালতে এই কাৰ্যসূচী উপলক্ষে কিমান সংখ্যক কৰ সেৱকে অযোধ্যাত উপস্থিত হ’ব পাৰিব সেয়া নিৰ্দিষ্ট কৰি দিয়া নাছিল ৷ কিছুমান অসাধু তথা সমাজ বিৰোধী চক্ৰৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰে আৰু ইয়াৰ ফলত বাবৰি মছজিদ ধ্বংস কৰা হয় ৷ এই ঘটনাৰ সংক্ৰান্তত ৰাম জন্মভূমি আৰক্ষী চকীত লাখতকৈও অধিক কৰ সেৱকৰ ওপৰত অভিযোগ উত্থাপন কৰি 6.15 মিনিটত প্ৰথমখন এফআইআৰ পঞ্জীয়ন কৰা হৈছিল ৷ কিন্তু উল্লেখ্য যে, এফ আই আৰখনত এজনো কৰ সেৱকৰ নাম উল্লেখ কৰা হোৱা নাছিল ৷ ইয়াৰ মাত্ৰ 10 মিনিটৰ পাচতেই অৰ্থাৎ 6.25 বজাত আনখন এফ আই আৰ তেতিয়াৰ ৰাম জন্মভূমি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গংগাপ্ৰসাদ তিৱাৰীৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন কৰা হয় ৷

দ্বিতীয় এফ আই আৰ-ত ৰাজনৈতিক উপাদানটো তেনেই সু-স্পষ্ট আছিল ৷ এই এফ আই আৰখন তদন্তৰ বাবে স্থানীয় আৰক্ষী হাতত তুলি দিয়া হয় ৷ যি নহওক, দ্বিতীয় দিনাই এই গোচৰটো চিবি-চিআইডি-লৈ হস্তান্তৰিত কৰা হয় ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী কল্যাণ সিঙে পদত্যাগ কৰে ৷ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হয় ৷ চিবি- চিআইডি-য়ে ঘটনাটোৰ তদন্ত কৰে আৰু অভিযোগনামা দাখিল কৰে ৷ ইয়াৰ পাচত, সমগ্ৰ গোচৰটো কেন্দ্ৰীয় তদন্ত আয়োগ (চিবিআই) ৰ হাতলৈ হস্তান্তৰিত কৰা হয় ৷ যথাৰীতি চিবিআইয়ে তদন্ত আৰম্ভ কৰে আৰু আদালতত 49 জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ৷ গোচৰটোৰ নিষ্পত্তিৰ ক্ষেত্ৰত বিচাৰ আৰু শুনানিত দুটা দশকজোৰা দীঘলীয়া সময় পাৰ হৈ গ’ল ৷ শুনানি দুখন ঠাইত কৰা হৈছিল-ৰায়বেৰেলি আৰু লক্ষ্ণৌ ৷ যিটো গোচৰত অভিযুক্ত হিচাপে গুৰুত্বপূৰ্ণ নেতাসকলৰ নাম উল্লেখ কৰা হৈছিল সেই গোচৰটোৰ শুনানি চলিছিল ৰায়বেৰেলিত আৰু আনটো গোচৰ, য’ত আনসকলক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল সেই গোচৰটোৰ শুনানি চলিছিল লক্ষ্ণৌত ৷ ইয়াৰ মাজতেই উচ্চতম ন্যায়ালয়ে গোচৰটো ৰায়বেৰেলিৰ পৰা লক্ষ্ণৌলৈ স্থানান্তৰিত কৰে, য’ত দুটা দশকজুৰি যুক্তি শুনাৰ পাচত শুনানিৰ অন্ত পৰিছিল ৷ এতিয়া 2020 চনৰ 30 ছেপ্তেম্বৰত এই গোচৰৰ ৰায় প্ৰদান কৰা হ’ব ৷

Babri Demolition Case etv bharat news
উমা ভাৰতী

সংক্ষেপতে বাবৰি মছজিদ ধ্বংসৰ ছবিখন:

  1. 1992 চনৰ 6 ডিচেম্বৰত বাবৰি মছজিদ ধ্বংস হোৱাৰ পাচত সেই একেদিনাই ফৈজাবাদত দুটা গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷ প্ৰথমখন এফ আই আৰ লাখতকৈও অধিক কৰ সেৱকৰ বিৰুদ্ধে তৰা হৈছিল ৷ আনহাতে দ্বিতীয়খন লালকৃষ্ণ আদৱানি, মুৰলী মনোহৰ যোশী, বাল ঠাকৰে, উমা ভাৰতীকে ধৰি আৰু অন্যান্য ৪৯ জন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা হৈছিল ৷ তেওঁলোকক বাবৰি মছজিদ ধ্বংসৰ ষড়যন্ত্ৰ ৰচাৰ গোচৰত অভিযুক্ত কৰা হৈছিল ৷
  2. 1993 চনত বাবৰি মছজিদ ধ্বংসৰ গোচৰটো চিবিআইলৈ হস্তান্তৰিত কৰা হয় ৷ যিটো গোচৰত বিজেপি আৰু আৰএছএছ-ৰ নেতাসকলক অভিযুক্ত কৰা হৈছিল সেইটোৰ শুনানি হৈছিল ৰায়বেৰেলিৰ আদালতত আৰু আনটো গোচৰ, য’ত কৰ সেৱকসকলৰ বিৰুদ্ধে অভিযোগ কৰা হৈছিল সেই গোচৰটোৰ শুনানি চলিছিল লক্ষ্ণৌত ৷ অক্টোবৰত চিবিআইয়ে দুয়োটা গোচৰ একেলগ কৰি এক অভিযোগনামা দাখিল কৰে ৷ য’ত লালকৃষ্ণ আদৱানি আৰু অনান্য নেতাসকলে এক অপৰাধমূলক কাৰ্য-কলাপৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছিল ৷
  3. 1996 চনত উত্তৰ প্ৰদেশ চৰকাৰে একেলগে দুয়োটা গোচৰৰ শুনানি লোৱাৰ সম্পৰ্কে অধিসূচনা জাৰি কৰিছিল ৷ ইয়াৰ পাচতেই লক্ষ্ণৌস্থিত চিবিআইৰ বিশেষ আদালতে এই গোচৰটোত অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰাটো সংযোগ কৰিছিল ৷ ইয়াৰ বিৰুদ্ধে লালকৃষ্ণ আদৱানি তথা অনান্যসকলে আদালতত প্ৰত্যাহ্বান জনাইছিল ৷
  4. 2001 চনৰ 4 মে’ত চিবিআইৰ বিশেষ আদালতে লালকৃষ্ণ আদৱানি আৰু অনান্যসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ প্ৰত্যাহাৰ কৰে ৷
  5. 2003 চনত চিবিআইয়ে অভিযোগনামা দাখিল কৰে ৷ ৰায়বেৰেলি আদালতে লক্ষ্য কৰে যে এল কে আদৱানিৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নাই ৷ উচ্চ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰে আৰু তেওঁ আৰু অনান্যসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগৰ ওপৰত মোকৰ্দমা চলাই নিয়ে ৷
  6. 2010 চনৰ 23 মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ে লালকৃষ্ণ আদৱানি আৰু অনান্যসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ বিৰুদ্ধে থকা অভিযোগ বাতিল কৰে ৷ ২০১২ চনত চিবিআই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে, য’ত অকল অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ বৰ্তাই ৰখাই নহয় বৰঞ্চ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷
  7. 2017 চনৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত চিবিআইৰ বিশেষ আদালতখনক গোচৰটোৰ শুনানি দুবছৰৰ ভিতৰত সমাপ্ত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ গোচৰটোৰ শুনানি ৰায়বেৰেলি আৰু লক্ষ্ণৌত চলাই থকা হৈছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ে দুয়োটা গোচৰকে একেলগ কৰিবলৈ তথা গোচৰ দুটাৰ শুনানি লক্ষ্ণৌত ল’বলৈ আদেশ দিয়ে আৰু বিচাৰ সমাপ্ত কৰিবলৈ কয় ৷
  8. 2017 চনৰ 21 মে’ৰ পৰা গোচৰটোৰ দৈনিক শুনানি আৰম্ভ হয় ৷ আদালতত প্ৰতিগৰাকী অভিযুক্তৰে বিবৃতি বাণীবদ্ধ কৰা হয় ৷ কৰ’ণা মহামাৰীৰ বাবে লালকৃষ্ণ আদৱানি আৰু মুৰলী মনোহৰ যোশীয়ে তেওঁলোকৰ বিবৃতি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰেকৰ্ডিং কৰি পঠিয়ায় ৷
  9. 2020 চনৰ 8 মে’ত উচ্চতম ন্যায়ালয়ে আগষ্টৰ 31 তাৰিখৰ ভিতৰত শুনানি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু কৰ’ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক 30 ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হয় ৷
  10. 2020 চনৰ 1 ছেপ্তেম্বৰত চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ সুৰেন্দ্ৰ যাদৱে সকলো পক্ষৰ সাক্ষ্য, প্ৰমাণ তথা যুক্তি শুনাৰ পাচত বাবৰি মছজিদ ধ্বংসৰ গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰে আৰু 2 ছেপ্তেম্বৰত ৰায়দান লিখিবলৈ আৰম্ভ কৰে ৷ 16 ছেপ্তেম্বৰত ন্যায়াধীশ সুৰেন্দ্ৰ যাদৱে কয় যে,30 ছেপ্তেম্বৰত তেওঁ এই ঐতিহাসিক গোচৰটোৰ ৰায় প্ৰদান কৰিব ৷

লগতে চাওকঃ প্ৰতিৰক্ষা অধিগ্ৰহণত তিনিটা নতুন নীতিৰ সংযোজন, সুচল হ'ব ভাৰতীয় প্ৰযুক্তিৰ ৰপ্তানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.