নেশ্যনেল ডেস্ক, 23 জুলাই: ভাৰত চৰকাৰৰ দ্বাৰা 15 জুনত সংঘটিত গালৱান সংঘৰ্ষৰ পাচত বন্ধ কৰি দিয়া হৈছিল টিকটক,ৱি চাটসহিতে 59 টা চীনা এপ ৷ ইয়াৰ পাচতে ভাৰতীয় তথ্য প্ৰযুক্তি আৰু চীনা তথ্য প্ৰযুক্তি মন্ত্ৰীসকলে G20 ডিজিটেল অৰ্থব্যৱস্থাৰ মন্ত্ৰী বৈঠকত এক ভাৰ্চুৱেল কক্ষ শ্বেয়াৰ কৰে ৷ .
কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে চীনৰ নাম উত্থাপন নকৰাকৈয়ে নাগৰিকৰ গোপনীয়তা আৰু সুৰক্ষাক বৰ্তাই ৰাখিবলৈ এক ডিজিটেল প্লেটফৰ্মৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ তেওঁ উল্লেখ কৰে যে, সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বহু দেশতে উপলব্ধ ডিজিটেল প্লেটফৰ্মসমূহত বিশ্বাসযোগ্যতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ৷
যিমানলৈ সুৰক্ষা আৰু ডাটা গোপনীয়তাৰ বিষয় জড়িত হৈ আছে সিমানলৈ সাৰ্বভৌম ৰাষ্ট্ৰসমূহে ডিজিটেল প্লেটফৰ্মসমূহ প্ৰতিক্ৰিয়াশীল আৰু জবাবদিহি কৰিব লাগিব ৷ চৌদি আৰৱত অনুষ্ঠিত G20 ৰ বৈঠকত সভাপতিত্ব কৰি এনেদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
চীনা এপ নিষিদ্ধ কৰা ভাৰতৰ সিদ্ধান্তৰ পাচতে চীনে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু দ্বীপক্ষীয় বৈঠকত বিষয়টো উত্থাপন কৰাৰ সময়ত ইয়াক WTO ৰ নিৰ্দেশ উলংঘা কৰা বুলি অভিহিত কৰে ৷
মঙলবাৰে তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ক নিষিদ্ধ চীনা এপ সংস্থাসমূহক তেওঁলোকৰ আদেশৰ কঠোৰ বাধ্যবাধকতা নিশ্চিত কৰিবলৈ কয় ৷ অন্যথা এই বাধ্যবাধকতা উলংঘনৰ বাবে তেওঁলোকে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ'ব পাৰে বুলি এক সুত্ৰযোগে নিৰ্দেশ প্ৰদান কৰে ৷
লগতে প্ৰসাদে উল্লেখ কৰে, আমাৰ তথ্যৰ ওপৰত সাৰ্বভৌমত্ব স্বীকাৰৰ আৱশ্যকতা আছে ৷ ডাটাৰ সম্বন্ধ সাৰ্বভৌম ৰাষ্ট্ৰ সমূহৰ সৈতে হ'ব লাগে নাগৰিকৰ গোপনীয়তা ৰক্ষাৰ অৰ্থে ৷ তেওঁ G20 ত অংশগ্ৰহণকাৰী সকলক জনায় যে, "ভাৰতে অতি শীঘ্ৰেই এক শক্তিশালী ডাটা সংৰক্ষণৰ আইন প্ৰৱৰ্তন কৰিব ৷ যিয়ে কেৱল গোপনীয়তাই নহয়, নাগৰিকৰ গোপনীয়তা সম্বন্ধিত চিন্তাসমূহ দূৰ কৰাৰ লগতে সংৰক্ষণ কৰিব ৷"
তেওঁ COVID-19 ৰ সৈতে যুঁজ দিয়াত সহায়ক হোৱাকৈ ভাৰতে আৱিস্কাৰ কৰা আৰোগ্য সেঁতু এপৰ পৰা, চীনৰ ডিজিটেল অস্ত্ৰ সদৃশ টিকটকলৈ সকলো এপৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ভাৰত-আমেৰিকা বাণিজ্য পৰিষদৰ বৈঠকত আমেৰিকাৰ সচিব, মাইক প'ম্পেঅ'ই ভাৰতে গালৱানৰ ঘটনাৰ পাচতে 59 টা এপ নিষিদ্ধ কৰা সিদ্ধান্তক আদৰণি জনায় ৷
মাইক প'ম্পেঅ'ই উল্লেখ কৰে, "এইটো অতিকৈ গুৰুত্বপূৰ্ণ যে আমাৰ দৰে গণতান্ত্ৰিক দেশসমূহে একেলগে কাম কৰে ৷ বিশেষকৈ যেতিয়া আমি চীনৰ বাঁওপন্থী দলৰ দ্বাৰা পোৱা প্ৰত্যাহ্বানসমূহৰ বাস্তৱিক সত্যসমূহক অধিক স্পষ্ট ৰূপত দেখিছো ৷ ইয়াৰ ভিতৰত অন্যতম উদাহৰণ হ'ল শেহতীয়া গালৱান ঘটনাত 20 গৰাকীকৈ ভাৰতীয় সেনা বাহিনীৰ লোকৰ মৃত্যু ৷ ইয়াক লৈ আমি গভীৰ শোক প্ৰকাশ কৰিছো ৷ মোৰ বিশ্বাস আমি আমাৰ প্ৰয়াসেৰে আমাৰ নাগৰিকসকলৰ ৰক্ষা কৰিব পাৰিম ৷ মই বিশেষকৈ ভাৰতীয় লোকসকলৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি কৰা টিকটকসহিতে 59 টাকৈ চীনা এপত প্ৰতিবন্ধকতা লগোৱা ভাৰতৰ শেহতীয়া সিদ্ধান্তক সহযোগ কৰিছে ৷ মই সুখী যে, আমি ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ অংশীদাৰ ৷"
লগতে পঢ়ক: তালিবান সন্ত্ৰাসবাদীক হত্যা কৰি নিজ পিতৃ-মাতৃৰ হত্যাৰ প্ৰতিশোধ ল'লে কিশোৰীয়ে