ETV Bharat / bharat

কেব বিৰোধী আন্দোলনত প্ৰভাৱিত অসম-শিলিগুৰি বাছ সেৱা

author img

By

Published : Dec 13, 2019, 10:45 AM IST

কেব বিৰোধী গণ আন্দোলনৰ ফলত শিলিগুৰিৰে যোগাযোগ বিছিন্ন হৈ পৰিছে অসম ৷ তিনিদিনৰ পৰা চলাচল কৰা নাই এখনো বাছ ৷

কেব বিৰোধী আন্দোলনত প্ৰভাৱিত অসম-শিলিগুৰি বাছ সেৱা
কেব বিৰোধী আন্দোলনত প্ৰভাৱিত অসম-শিলিগুৰি বাছ সেৱা

শিলিগুৰি, 13 ডিচেম্বৰ: বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত অসমত হোৱা ব্যাপক গণ আন্দোলনৰ পাছত স্তব্ধ হৈ পৰিছে অসম-শিলিগুৰি বাছসেৱা ৷ অসমত অব্যাহত থকা উত্তেজনামূলক পৰিস্থিতিৰ বাবেই অসম আৰু শিলিগুৰিৰ মাজত চলাচল হোৱা নাই এখনো বাছ ৷ টুটু দাস নামৰ এগৰাকী বাছৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিগত তিনিদিনৰ পৰা অসম-শিলিগুৰিৰ মাজত বাছসেৱা কাৰ্যত বন্ধ হৈ পৰিছে ৷ যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে লোকসকল কিয়নো অসম-বংগ সীমান্তৰ কিছুমান এনেকুৱা অঞ্চল আছে যি সমূহ কেৱল বাছ সেৱাৰ দ্বাৰাহে সংযুক্ত হৈ আছে ৷ তেও জনোৱা অনুসৰি আগতে দৈনিক 20ৰ পৰা 25খন লৈকে বাছ অসম-শিলিগুৰিৰ মাজত চলাচল কৰিছিল কিন্তু বৰ্তমান এখনো চলাচল কৰা নাই ৷ যাৰ ফলত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বাছ সেৱা ব্যৱসায়ৰে জড়িত লোক ৷

আৰু পঢ়ক: সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ আৰক্ষীৰ

Intro:Body:

ASSAM SILIGURI BUS SERVICE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.