নতুন দিল্লী, ৩০ মে': সত্ৰ নগৰী বৰপেটাক হেৰিটেজ চিটীলৈ ৰূপান্তৰ কৰিব নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে ৷ দিল্লীত ইটিভিৰ ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে কংগ্ৰেছৰ পৰা নিৰ্বাচিত হোৱা সাংসদগৰাকীয়ে ৷
আনহাতে, এন আৰ চিৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়া সন্দৰ্ভত মত প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে 1951 চনত ভোটদান কৰা স্বত্বেও তেওঁৰ মাতৃৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰ্দেশত চলি থকা এন আৰ চি প্ৰক্ৰিয়াত সন্তুষ্ট বুলি কৈ স্তানীয়ভাৱেহে কিছু বেমেজালিৰ সৃষ্টি হোৱা বুলি মতপোষণ কৰে আব্দুল খালেকে ৷