ETV Bharat / bharat

চীনৰ PLA ৰ দ্বাৰা অপহৃত অৰুণাচলী যুৱক বৰ্তমানেও সন্ধানহীন : আৰক্ষী

author img

By

Published : Apr 6, 2020, 8:29 PM IST

বৰ্তমানেও উদ্ধাৰ হোৱা নাই অপহৃত অৰুণাচলী যুৱক ৷ 19 মাৰ্চত চীনৰ পিপলছ লিবাৰেছন আৰ্মীয়ে অপহৰণ কৰিছিল যুৱকজনক ৷

চীনৰ পিপলছ লিবাৰেছন আৰ্মীয়ে অপহৰণ কৰিছিল যুৱকজনক
অপহৃত অৰুণাচলী যুৱক

নেশ্যনেল ডেস্ক, 6 এপ্ৰিল : অৰুণাচল আৰক্ষীয়ে সোমবাৰে জানিবলৈ দিয়ে যে, চীনৰ পিপল'ছ লিবাৰেছন আৰ্মীয়ে 19 মাৰ্চত সুৱনশিৰি জিলাৰ মেকমোহন লাইনৰ পৰা অপহৰণ কৰা 21 বছৰীয়া অৰুণাচলী যুৱকজনৰ বৰ্তমানেও কোনো শুংসূত্ৰ লাভ কৰা নাই ৷

আৰক্ষী মহানিৰ্দেশক চুখু আপাই জানিবলৈ দিয়ে যে, জিলা আৰক্ষী অধীক্ষক তাৰো গোছাৰে নাচো আৰক্ষী চকীৰ দায়িত্বত থকা আৰক্ষী বিষয়াগৰাকীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ৷

আপাই এই সম্পৰ্কত কয়, "যিহেতু সমগ্ৰ বিষয়টো বৈদেশিক মন্ত্ৰণালয়ৰ অধীনলৈ আহি গৈছে সেয়েহে ৰাজ্যিক চৰকাৰে সেই ধৰণে তদন্তত আগবাঢ়িব ৷"

এই ঘটনা সম্পৰ্কত সৈন্য বাহিনীৰ পূৱ কমাণ্ডোৰ মুখ্য কাৰ্যালয় কলিকতাৰ পৰা বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

উল্লেখ্য যে, মেকমোহন লাইন হৈছে চীন আৰু অৰুণাচল প্ৰদেশক বিভাজিত কৰা সীমান্ত ৷

অৰুণাচলৰ ছাত্ৰ সংগঠন ছিয়ুম নাচো লিমকিঙে এই যুৱকজনক অতি সোনকালে উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.