ETV Bharat / bharat

সেনাবাহিনীৰ প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰভান পূৰ্ব লাডাখত উপস্থিত - Army Chief arrives in Ladakh to review security situation

সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে সেনাবাহিনীৰ প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰভান পূৰ্ব লাডাখত গৈ উপস্থিত হৈছেগৈ । লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ(এল অ চিৰ) পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে জেষ্ঠ ফিল্ড কামাণ্ডাৰ সকলেও বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত আলোচনাত মিলিত হব সেনাবাহিনীৰ প্ৰধান গৰাকীৰ সৈতে ।

সেনাবাহিনীৰ প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰভান পূৰ্ব লাডাখত উপস্থিত

author img

By

Published : Sep 3, 2020, 12:58 PM IST

নতুন দিল্লী, ৩ চেপ্তেম্বৰঃ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে সেনাবাহিনীৰ প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰভান পূৰ্ব লাডাখত গৈ উপস্থিত হৈছেগৈ । লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ(এল অ চিৰ) পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে জেষ্ঠ ফিল্ড কামাণ্ডাৰ সকলেও বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত আলোচনাত মিলিত হব সেনাবাহিনীৰ প্ৰধান গৰাকীৰ সৈতে । জেনেৰেল মনোজ মুকুন্দে লাডাখৰ ভাৰত চীন সীমান্তৰ দক্ষিণ প্যাংগং আৰু স্পৰ্শকাতৰ অঞ্চলসমূহৰ নিৰাপত্তাৰ বুজ লব ।

সেনাবাহিনীৰ সূত্ৰই জনোৱা অনুসৰি সেনাবাহিনীৰ জেনেৰেল গৰাকীয়ে সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে লেহত গৈ উপস্থিত হৈছেগৈ । তাত উপস্থিতি থকা ছিনিয়ৰ ফিল্ড কামাণ্ডাৰসকলে তেখেতক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ(এল এ চি) পৰিস্থিতি সম্পৰ্কত ব্যাখ্যা কৰিব ।

সেনা প্ৰধান গৰাকীৰ এই যাত্ৰাৰ সময়তে পূৰ্ব লাডাখৰ পাংগং তছত চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মাজত নিয়ন্ত্ৰণ ৰেখাত সংঘৰ্ষৰ খবৰ লাভ কৰিছিল । সেনা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰত চীন সীমান্তত চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা উলংঘণ কৰাৰ লগতে ভাৰতীয় সৈন্যক সংঘৰ্ষৰ বাবে প্ৰৰোচিত কৰাৰ চেষ্টা চলাই ।

পূৰ্ব লাডাখৰ দক্ষিণ অঞ্চলৰ পাংগং হ্ৰদৰ দক্ষিণ দিশে ভাৰত চীন সীমান্ত অঞ্চলত পৰিস্থিতি উত্তপ্ত কৰাৰ বাবে কিছু দিনৰ পৰা চীনা সৈন্যই চেষ্টা চলাই অহাৰ কথাও প্ৰকাশ কৰিছে সেনাৰ এক সূত্ৰই । কিন্তু চীনা সৈন্যৰ এই প্ৰচেষ্টাক প্ৰতিহত কৰি ভাৰতীয় সেনাই অঞ্চলটোত ব্যাপক সমসৰ সজ্জা গঢ়ি তুলিছে । যাৰ বাবে চীনৰ সৈন্য থমকি ৰৈছে । উল্লেখ্য যে, কিছুদিন পূৰ্বে দুই দেশৰ সৈন্যৰ মাজত গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ জন সৈন্যৰ মৃত্যু হৈছিল ।

চীনা সৈন্যৰ আগ্ৰাসনৰ পিচতে সষ্টম হৈ পৰিছে ভাৰতীয় সেনাবাহিনী । ইতিমধ্যে ভাৰত চীন সীমান্তৰ ১৫৯৭ কিলোমিটাৰ অঞ্চল সুৰক্ষিতত কৰি তুলিছে । লাডাখৰ দুৰ্বল তথা স্পৰ্শকাতৰ অঞ্চল সমূহত যাতে চীনা সৈন্য(পি এল এ) ই আগ্ৰাসন চলাব নোৱাৰে তাৰ বাবে প্ৰাক শূন্য কৰাৰ ব্যৱস্থাত গ্ৰহণ কৰি ভাৰতীয় সেনাই অৱস্থান গ্ৰহণ কৰিছিল । ভাৰতীয় সেনাৰ অতিৰিক্ত বিশেষ বাহিনী নিয়োগ কৰাৰ লগতে চীনৰ পি এল এক চোকা দৃষ্টি ৰখা হৈছে প্ৰতিনিয়ত ।

ছুছুলত ভাৰতৰ পক্ষৰ পৰা চীনৰ পি এল এক কোনো কাৰণতে যাতে নিয়ন্ত্ৰণৰেখা উলংঘণ নকৰে তাৰবাবে সষ্টম হৈ আছে ভাৰতীয় সেনা । সীমান্ত বিবাদক লৈ ইতিমধ্যে দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হাৈছিল যদিও চীনে দাবী কৰিছে যে,ভাৰতে দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক চুক্তি ভংগ কৰিছে ।

ইফালে ভাৰতে দাবী কৰিছে যে, চীনৰ এই সামৰিক তৎপৰতা পূৰ্বৰ পৰাই চলি আহিছিল। চীনে বৈদেশিক মন্ত্ৰীৰ মতে ভাৰতীয় সেনাই দুয়োখন দেশৰ মাজত থকা চুক্তি উলংঘণ কৰি প্ৰথমতে নিয়ন্ত্ৰণ ৰেখা পৰা হৈছিল ভাৰতীয় সেনা । যিটো ভাৰতৰ সেনাই প্ৰকাশ কৰা বিবৃতিত ধৰা পৰিছে।

লগতে চাওকঃ PUBG ৰ আসক্তিৰ পৰা সন্তানক মুক্ত কৰিবলৈ অভিভাৱকে সহায় কৰা উচিত : মনোবিজ্ঞানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.