বিহাৰ, ২৪ মে': বিহাৰত আৰক্ষী-সশস্ত্ৰ সীমা বলৰ এক সাফল্য । গয়া জিলাৰ এখন গাঁৱৰ পৰা জব্দ নিষিদ্ধ ঘোষিত CPI মাওবাদী সংগঠনৰ বহু অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ । শনিবাৰে এই কথা সদৰি কৰে সশস্ত্ৰ সীমা বলৰ এজন উচ্চ বিষয়াই ।
বিহাৰ আৰক্ষী আৰু সশস্ত্ৰ সীমা বলৰ এটা যুটীয়া অভিযানত এই সফলতা লাভ কৰিবলৈ সক্ষম হয় । বিহাৰৰ তান্তি জিলাৰ পৰা শুকুৰবাৰে নিশা জব্দ কৰা হৈছে মাওবাদী সংগঠনটোৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক, অস্ত্ৰ-শস্ত্ৰ সমূহ ।
জব্দকৃত সামগ্ৰী সমূহৰ ভিতৰত আছে- দেশত নিৰ্মিত ৰাইফল, ২.৩০৩ ৰ ৰাইফলছ, দুটাকৈ দেশতে নিৰ্মিত পিষ্টল, ৭.৬২ bore আৰু ৮ mm ৰ ৫ টা কাৰ্টিজ আৰু মাওবাদৰ সাহিত্য । অৱশ্যে এই ঘটনাত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী তথা সশস্ত্ৰ সীমা বাহিনীৰ দলটো ।