নিউজ ডেস্ক, ১৪ জুনঃ দেওবাৰে ৬৫ সংখ্যক জন্মদিন উদযাপন কৰে বলিউডৰ অভিনেত্ৰী তথা ৰাজনীতিত ইতিমধ্যে খোজ পেলোৱা কিৰণ খেৰে । অভিনেত্ৰী তথা ৰাজনীতিবিদ গৰাকীৰ জন্মদিনত আঙুঠি পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰিলে তেখেতৰ স্বামী তথা জনপ্ৰিয় বৰ্ষীয়ান অভিনেতা অনুপম খেৰে ।
![কিৰণ খেৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:55_kirron-kher_1406newsroom_1592105245_262.jpg)
অভিনেতা গৰাকীয়ে পত্নী কিৰণ খেৰৰ জন্মদিনত ছ'চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে অনুপম খেৰে পোষ্ট কৰে যে, জন্মদিনৰ বহুত বহুত শুভকামনা মোৰ মৰমৰ কিৰণ! ভগৱানে তোমাক পৃথিৱীৰ সকলো সুখ দিয়ক । আপোনাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিছোঁ ।'
- " class="align-text-top noRightClick twitterSection" data="
">