ৰাষ্ট্ৰদূত ডঃ ৰন মালকাই এই সন্দৰ্ভত কয়—“চৰকাৰী পৰ্যায়ত ভাৰত আৰু ইজৰাইলৰ দুয়োখন দেশে পৰস্পৰে পৰস্পৰক সহযোগিতা আগবঢ়াই থকাৰ লগতে বিজ্ঞানী আৰু বিশেষজ্ঞসকলক জড়িত কৰাই আহিছে । এণ্টিবডী বা প্ৰতিষেধক উদ্ভাৱনৰ বাবে কি দৰে যৌথভাৱে কাম কৰিব পাৰি তাৰ বাবে দেশ দুখনে চেষ্টা অব্যাহত ৰাখিছে । এই বিশেষ এণ্টিবডীটোক পৰৱৰ্তী পৰ্যায়ত প্ৰতিষেধক হিচাপে হয়তো ব্যৱহাৰ কৰিব পৰা যাব । কিন্তু এতিয়া এয়া প্ৰতিষেধক নহয় । ভাইৰাছবিধ দেহত প্ৰৱেশ কৰিলে ভাইৰাছক মাৰিব পৰা ঔষধ উদ্ভাৱনৰ প্ৰচেষ্টাহে বৰ্তমান অব্যাহত আছে ।”
ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু ইজৰাইলে সমস্যাৰ সমাধান বিচাৰি যৌথভাৱে কাম কৰি আছে । কম খৰচী ইনকুবেটৰৰ পৰা আন সা-সামগ্ৰী আদিকে ধৰি ৫০ টা প্ৰস্তাৱিত বিষয়ত দেশ দুখনে পৰস্পৰে সহযোগিতাৰ আদান-প্ৰদান কৰি আছে । ইজৰাইলে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত বহু অভিজ্ঞ লোকক মনোনীত কৰাৰ লগতে তথ্য বিশ্লেষণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতবৰ্ষক সহায় কৰি আহিছে । এই সন্দৰ্ভত ইজৰাইলী ৰাষ্ট্ৰদূতগৰাকীৰ মন্তব্য এনেধৰণৰ—“এই সংকটে ইজৰাইল আৰু ভাৰতৰ সম্পৰ্কক অধিক নৈকট্যলৈ টানি আনিছে । আমাৰ পাৰস্পৰিক আস্থা আৰু সন্মানৰ বাবে আমি ভাৰতবৰ্ষক ঘনিষ্ঠ বন্ধু হিচাপে গণ্য কৰোঁ ।”
ইয়াৰ পূৰ্বে সোমবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী নাফটালী বেনেটে এক বিবৃতিত কৈছিল— ‘ইজৰাইল ইনষ্টিটিউট অৱ্ বায়’লজিকেল ৰিচাৰ্ছত উদ্ভাৱন কৰা এণ্টিবডীয়ে কেৰিয়াৰৰ শৰীৰত প্ৰৱেশ কৰা কৰ’ণা ভাইৰাছক মাৰিব পাৰে ।’
আই আই বি আৰৰ সঞ্চালকৰ উদ্ধৃতিৰে বিবৃতিটোত উল্লেখ কৰা মতে এণ্টিবডী ফৰ্মূলাৰ পেটেণ্ট তৈয়াৰ কৰা হৈছে । পৰৱৰ্তী সময়ত ব্যাপক হাৰত উৎপাদন কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উৎপাদনকাৰী বিচৰা হ’ব । একেধৰণৰ সফলতাৰ দাবী নেডাৰলেণ্ডেও কৰিছে ।
আমেৰিকান জিউছ কমিটীৰ এক বাৰ্তালাপ অনুষ্ঠানৰ অংশ স্বৰূপে নিৰ্বাচিত কিছুসংখ্যক সাংবাদিকৰ সৈতে কথা পাতি ডঃ মালকাই কয় যে কেতিয়াৰ পৰা সকলোৰে বাবে এই ঔষধ উৎপাদন কৰা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
তেওঁৰ মন্তব্য আছিল এনেধৰণৰ ,“মই নাজানো কোনটো পৰ্যায়ত ই আছে । কিন্তু যিয়েই নহওক উন্নত পৰ্যায়ত আছে । আশা কৰা হৈছে প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ কৰাৰ পাচত ঔষধবিধ সকলোৱে পোৱাকৈ প্ৰস্তুত কৰিব পৰা যাব । এই সন্দৰ্ভত মই ইমানখিনিয়েই জানো । আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে চেষ্টা চলাইছোঁ । প্ৰতিষেধক, ঔষধ,এণ্টিবডী, এণ্টিডট যিয়েই নহওক উদ্ভাৱন কৰাৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰাৰ চেষ্টা চলাই গৈছোঁ । আমি এই মূল ক্ষেত্ৰখনতে কাম কৰি আছোঁ । তেতিয়ালৈকে সংক্ৰমণ ৰোধ কৰিবলৈ যিমান পাৰোঁ কৰি যাম'' ।
ইজৰাইলত কৰ’ণা ভাইৰাছ পজিটিভ পোৱা মুঠ ১৬ হাজাৰ লোকৰ ভিতৰত ৫ হাজাৰেই সুস্থ হৈ উঠিছে । প্ৰায় ৫ হাজাৰ ৰোগী এতিয়াও চিকিৎসাধীন । ইয়াৰে ৭০ জন ৰোগী আই চি ইউত আছে । ৰাষ্ট্ৰদূতগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশখনত মৃত্যুৰ সংখ্যা মাত্ৰ ২৩০ ।
তেওঁ প্ৰকাশ কৰা অনুসৰি প্ৰথমে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল বন্ধ আৰু লক্ ডাউন কাৰ্যকৰী কৰা দেশসমূহৰ ভিতৰত ইজৰাইল আছিল অন্যতম । যাৰ ফলত দেশখনত জীৱন আৰু জীৱিকাৰ ভাৰসাম্য ৰক্ষা কৰাটো সহজ হৈ পৰিছে । তেওঁ লগতে জনায় যে যিহেতু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে নিষেধাজ্ঞাবোৰ পৰীক্ষামূলকভাৱে প্ৰত্যাহাৰ কৰি অৰ্থনীতি পুনৰ কাৰ্যক্ষম কৰাৰ চেষ্টা কৰা হ’ব । ভাৰত আৰু ইজৰাইলে লক্ ডাউনৰ সিদ্ধান্তৰ ক্ষেত্ৰতো আলাপ-আলোচনা অব্যাহত ৰাখিছে ।
ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ বাবে জনাজাত ইজৰাইলে ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ ব্যাপক হাৰত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । পৰীক্ষা কেন্দ্ৰবোৰত ৩ ডি প্ৰিণ্টিঙৰ ব্যৱহাৰ, এণ্টি ভাইৰাছ ক্লথ ফেব্ৰিক, কম খৰচী আৰু সকলোৰে বাবে উপলব্ধ ভেণ্টিলেটৰৰ পৰা বিভিন্ন প্ৰযুক্তি দেশখনে ব্যৱহাৰ কৰিছে ।
Covid-১৯ ৰ উপস্থিতি ধৰা পৰা লোকসকলৰ যোগাযোগৰ সূত্ৰ তথা সংস্পৰ্শত অহা লোকসকলৰ সবিশেষ উলিওৱাৰ বাবে প্ৰযুক্তি আৰু ম’বাইল এপ্লিকেশ্বনৰ ব্যৱহাৰৰ পোষকতা কৰা ইজৰাইলী ৰাষ্ট্ৰদূতগৰাকীয়ে তথ্যৰ গোপনীয়তা নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব দিয়ে । তেওঁ কয়,“সকলোৰে অধিকাৰ, গোপনীয়তা আৰু স্বাধীনতাক সন্মান কৰা এখন গণতান্ত্ৰিক দেশ হিচাপে ইজৰাইলে যাতে কাৰো ব্যক্তিগত অধিকাৰ খৰ্ব নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । আনহাতে এই প্ৰযুক্তিবোৰে সংক্ৰমণ নিয়ন্ত্ৰণ আৰু মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে । গতিকে এয়া অতি গুৰুত্বপূৰ্ণ বিষয়” ৷
আৰোগ্য সেঁতু এপকলৈ ভাৰত চৰকাৰে সন্মুখীন হোৱা তীব্ৰ সমালোচনা সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বাস অটুত ৰখাটো অতিকৈ প্ৰয়োজন । তেওঁ কয়,“ইজৰাইলত ই ভালদৰে কাম কৰাৰ মূল কাৰণ হৈছেবিশ্বাস । মানুহে কিয় ব্যৱহাৰ কৰি আছে সেয়া আপুনি বিশ্বাস কৰাৰ লগতে বুজিব পাৰিব লাগিব । অইন সময়ত কোনেও এনেধৰণৰ ট্ৰেচিং কৰাৰ অনুমতি নিদিলেহেঁতেন” ।
“জীৱন ৰক্ষা কৰিব পৰা প্ৰযুক্তি আছে বুলি আমি বুজি পাওঁ । বিভিন্ন সংস্থাৰ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ অধীনত এয়া যদি কেৱল নিৰ্দিষ্ট সময়ৰ বাবে আৰু যদি আমি ইজনে সিজনক বিশ্বাস কৰোঁ, আমাৰ মাজত যদি একতা আৰু আস্থা থাকে তেনেহ’লে এয়া গ্ৰহণযোগ্য ।” এনেদৰে উল্লেখ কৰে ডঃ ৰন মালকাই ।
ৱেষ্ট বেংকত পানী তথা অনাময়ৰ পৰ্যাপ্ত সুবিধা নথকা সন্দৰ্ভত প্ৰচাৰিত বাতৰিৰ ক্ষেত্ৰত ৰাষ্ট্ৰদূতগৰাকীয়ে মত প্ৰকাশ কৰি কয় যে ইজৰাইলে পেলেষ্টাইনৰ কৰ্তৃপক্ষক সহায় কৰাৰ লগতে ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ উত্তম উপায়বোৰৰ বিষয়ে অৱগত কৰাই আহিছে ।
এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যিহেতু কৰ’ণা ভাইৰাছ সকলোৰে শত্ৰু সেয়ে মিত্ৰ আৰু চুবুৰীয়াৰ সৈতে অধিক সহযোগিতাৰে কাম কৰাৰ বাবে এয়াওই মূল সময় । কিছু সংক্ৰমণ ঘটি আছে যদিও নিয়ন্ত্ৰণৰ বাহিৰত নহয় । আমি যিমান পাৰোঁ সহায় কৰি আহিছোঁ । আমাৰ চুবুৰীয়াসকলে সমস্যাৰ সন্মুখীন হ’লে দুৱাৰত টুকুৰিয়াব পাৰে ।”
ভাইৰাছবিধৰ উৎপত্তিকলৈ চীনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত ইজৰাইলী ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে এই সময়ত ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজ দিয়াটোহে মূল কথা । ৰাষ্ট্ৰদূত ডঃ মাল্কাই কয় “ভাইৰাছবিধ ক’ৰ পৰা আহিছে তাৰ অনুসন্ধান আমি পাচত কৰিব পাৰিম । এই ক্ষেত্ৰত বৰ্তমান ইজৰাইল কোনোপধ্যে জড়িত নহয় । আমাৰ সকলো শক্তি আৰু মনোযোগ প্ৰতিষেধক আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰতহে নিয়োগ কৰা হৈছে " ।
লেখিকা - স্মিতা শৰ্মা, সাংবাদিক, নতুন দিল্লী
লগতে পঢ়ক : নিৰ্দেশনা সহিতে অতি সোনকালেই আৰম্ভ হ'ব ৰাজহুৱা পৰিবহণ : গাডকাৰী