ETV Bharat / bharat

5 চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহৰ পাঠদান

author img

By

Published : Jul 22, 2020, 12:40 PM IST

ৰাজ্যৰ বিদ্যালয় সমূহত পাঠদান পুনৰ আৰম্ভ কৰিবলৈ 5 চেপ্তেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৷ লগতে আগন্তুক শিক্ষাবৰ্ষত প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষা (LKG আৰু UKG) চৰকাৰী বিদ্যালয় সমূহতো প্ৰবৰ্তন কৰা হ'ব বুলি জানিবলৈ দিয়ে অন্ধ্ৰপ্ৰদেশৰ শিক্ষামন্ত্ৰী আদিমুলাপ্পু সুৰেশে ৷

আৰম্ভ হ'ব অন্ধপ্ৰদেশৰ বিদ্যালয়সমূহৰ পাঠদান

নেশ্যনেল ডেস্ক, 22 জুলাই: অন্ধ্ৰ প্ৰদেশ চৰকাৰে 5 চেপ্তেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তথাপিও নিৰ্দিষ্ট তাৰিখত পৰস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব ৷

মুখ্যমন্ত্ৰী ৱাই.এছ. জগমোহন ৰেড্ডীৰ সৈতে হোৱা এখন পৰ্যালোচনা বৈঠকৰ অন্তত, বৈঠকত লোৱা এই সিদ্ধান্তৰ বিষয়ে শিক্ষামন্ত্ৰী আদিমুলাপ্পু সুৰেশে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, চৰকাৰে 5 চেপ্তেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছে, কিন্তু সমসাময়িক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব অন্তিম সিদ্ধান্ত ৷

ইয়াৰোপৰি তেওঁ কয়, যেতিয়ালৈ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ বাবে সামগ্ৰীৰ যোগান ধৰিব নোৱাৰে তেতিয়ালৈ মধ্যাহ্ন ভোজনৰ সলনি শুকান খাদ্য সামগ্ৰী ছাত্ৰ-ছাত্ৰী সকলৰ ঘৰৰ পৰা তেওঁলোকক যোগান ধৰিব লাগিব ৷

লগতে তেওঁ কয়, আগন্তুক শিক্ষাবৰ্ষৰ পৰা প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ শিক্ষা (LKG আৰু UKG) চৰকাৰী বিদ্যালয় সমূহতো প্ৰবৰ্তন কৰা হ'ব ৷ আনহাতে চৰকাৰী কনিষ্ঠ মহাবিদ্যালয় সমূহত AP EAMCET, JEE, IIT আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷

অন্ধ্ৰপ্ৰদেশত প্ৰচলিত শিক্ষাৰ মানদণ্ড উন্নয়নৰ বাবে জিলা পৰ্যায়ত এটা যুটীয়া পৰিচালক পদ গঠন কৰা হ'ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: কাৰাগাৰৰ ভিতৰত আত্মহত্যাৰ চেষ্টা ৰাজীৱ গান্ধী হত্য়াকাণ্ডৰ দোষী নলিনী শ্ৰীহৰনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.