দিল্লী,1 জুলাইঃ সোমবাৰে ৰাজ্যসভাত উত্থাপন কৰা হ'ব জম্মু-কাশ্মীৰ সংৰক্ষণ বিধেয়ক ৷ গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিব এই বিধেয়ক ৷ বিগত সপ্তাহত লোকসভাত উত্থাপন কৰা হৈছিল এই বিধেয়ক ৷
এই বিধেয়ক উত্থাপন লগতে আজি উচ্চসদনত জম্মু-কাশ্মীৰত 6 মাহৰ বাবে ৰাষ্ট্ৰপতি শাসন বৃদ্ধি কৰা সন্দৰ্ভতো আলোচনা কৰা হ'ব ৷ বিধেয়কখনৰ জৰিয়তে জম্মু কাশ্মীৰৰ অৰ্থনৈতিকভাবে দুৰ্বল লোকসকলৰ বাবে 10 শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব। সকলো ধৰ্মৰ লোকে লাভ কৰিব এই সংৰক্ষণৰ সুবিধা।
উল্লেখ্য যে,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লোকসভাত দাখিল কৰে জম্মু-কাশ্মীৰ সংৰক্ষণ বিধেয়ক। 2019 চনৰ জুলাইত অন্ত পৰিব 2018 বৰ্ষৰ ডিচেম্বৰৰ পৰা জম্মু-কাশ্মীৰত বলৱৎ হোৱা ৰাষ্ট্ৰপতি শাসন ৷