নিউজ ডেস্ক, 14 জুলাইঃ দেশৰ ৰাজহখণ্ডৰ ওপৰত বৃহৎ মাৰ শোধাই সংঘটিত হোৱা আন এক বেংক ঘোটালা পোহৰলৈ আনিছে এলাহাবাদ বেংকে ৷ যিটো সময়ত চৰকাৰে ব্যক্তিগত খণ্ডত অধিক নিয়োগৰ কথা কৈ আহিছে তেনে সময়তে বৃহৎ বৃহৎ ব্যক্তিগত উদ্যোগখণ্ডৰ ইটোৰ পিচত সিটো বেংক দূৰ্নীতি পোহৰলৈ আহিবলৈ লৈছে ৷
বিগত সপ্তাহত পাঞ্জাৱ নেশ্বনেল বেংকে দাখিল কৰা অভিযোগৰ পিচত এইবাৰ এলাহাবাদ বেংকে শনিবাৰে দাখিল কৰিছে আন এক বেংক ঘোটালা অভিযোগ ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত দাখিল কৰা অভিযোগত ভূষণ পাৱাৰ এণ্ড ষ্টীল লিমিটেড নামৰ উদ্যোগটোৰ বিৰুদ্ধে এলাহাবাদ বেংকেও প্ৰায় 1175.82 কোটি টকা ঠগবাজীৰ প্ৰতিবেদন দাখিল কৰিছে ৷ ভূষণ পাৱাৰ এণ্ড ষ্টীল লিমিটেড নামৰ উদ্যোগটোৰ বিৰুদ্ধে পাঞ্জাৱ নেশ্বনেল বেংকে উত্থাপন কৰিছিল 3805.15 কোটি টকাৰ বৃহৎ কেলেংকাৰী অভিযোগ ৷
বিগত এপ্ৰিল মাহত চিবিআয়ে ৰুজু কৰা এক গোচৰৰ প্ৰতিবেদনত উদ্যোগটোৱে সংঘটিত কৰা সৰ্বকালৰ সৰ্ববৃহৎ বেংক দূৰ্নীতিৰ এক ভয়াবহ ছবি পোহৰলৈ আহে ৷ ইতিমধ্যে গোচৰটোৰ ৰাষ্ট্ৰীয় উদ্যোগ ন্যায়াধাকৰণত শুনানী চলি আছে ৷ চিবিআইৰ হাতত থকা তথ্য অনুসৰি, পাঞ্জাৱ নেশ্বনেল বেংক (আইএফবি নতুন দিল্লী আৰু চণ্ডীগড়), অৰিয়েন্টেল বেংক অৱ কমাৰ্চ (কলকাতা), আইডিবিআই বেংক (কলকাতা) আৰু ইউকো বেংক (আইএফবি কলকাতা)ত 200ৰো অধিক ভুৱা একাউন্টেৰে এইসমূহ ধন সংগ্ৰহ কৰিছিল উদ্যোগটোৱে ৷ চিবিআয়ে দাখিল কৰা প্ৰতিবেদনত সমগ্ৰ ঘোটালৰ বাবে উদ্যোগটোৰ অধ্যক্ষ সঞ্জয় সিংঘাল, উপাধ্যক্ষ আৰতী সিংঘাল আৰু অন্যান্য নিৰ্দেশকসকলৰ নাম উল্লেখ আছে ৷
2007 চনৰ পৰা 2014 চনৰ ভিতৰত 33টা বাণিজ্যিক বেংকৰ পৰা উদ্যোগটোৱে সংগ্ৰহ কৰিছিল প্ৰায় 47,204কোটি টকা যি টকাৰ অধিকাংশই এতিয়ালৈকে ঘুৰাই দিয়া নাই ৷