নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বায়ুমণ্ডলত অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷ দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে উল্লেখ কৰা অনুসৰি, বাৱানাত Air Quality Index হৈছেগৈ 422, মান্দকাত 423 আৰু জাহাংগীপুৰীত 416 ৷ এই তিনিও ক্ষেত্ৰত বায়ু প্ৰদূষণ অধিক বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটীয়ে ৷
বিশেষজ্ঞ সকলৰ মতে, এনে প্ৰদুষণে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে আৰু সমসাময়িক ৰোগত গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে ৷
Air Quality Index 0-50 ৰ ভিতৰত হ'লে ভাল, 51-100ৰ ভিতৰত হ'লে সন্তুষজনক, 101-200 হৈছে মধ্যমীয়া, 201-300ৰ ভিতৰত বেয়া, 301-400 বহুত বেয়া আৰু 401-500য়ে গভীৰভাৱে বেয়া হোৱাতো বুজায় ৷