নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃ 73 বছৰ বয়সত মাতৃত্বৰ পবিত্ৰ অনুভুতি লাভ কৰিবলৈ সক্ষম হৈছে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী মহিলাই ৷ ৰাজ্যখনৰ গুন্টুৰ চহৰত বৃহস্পতিবাৰে যমজ সন্তান প্ৰসৱ কৰি এই বিৰল নিদৰ্শন দাঙি ধৰিছে মংগায়াম্মা নামৰ মহিলাগৰাকীয়ে ৷
আই ভি এফ প্ৰক্ৰিয়াৰে গৰ্ভৱতী হোৱা মহিলাগৰাকীয়ে চহৰখনৰ অহল্যা নাৰ্ছিং হোমত দুটিকৈ সন্তান প্ৰসৱ কৰে ৷ চাৰিগৰাকী চিকিৎসকৰ এটা দলে মহিলাগৰাকীক অস্ত্ৰোপচাৰৰ দ্বাৰা সন্তান জন্ম দিয়াত সহায় কৰে ৷ বিশিষ্ট চিকিৎসক এছ উমাশংকৰে এয়া চিকিৎসা বিজ্ঞানৰ এক অভূতপুৰ্ব সাফল্য বুলি উল্লেখ কৰে ৷ ই ভৱিষ্যতে অন্যান্য নিঃসন্তান দম্পতীৰ বাবে যথেষ্ঠ আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে হাৰিয়ানাৰ ডালজিন্দৰ কৌৰে 70 বছৰ বয়সত সন্তান প্ৰসৱ কৰি সন্তান জন্ম দিয়া পৃথিৱীৰ ভিতৰতে বৃদ্ধ মহিলাৰ গৌৰৱৰ অধিকাৰী হৈছিল ৷ 2016 চনত এটা পুত্ৰ সন্তান প্ৰসৱ কৰি এই গৌৰৱৰ অধিকাৰী হৈছিল কৌৰ ৷
অন্ধ্ৰপ্ৰদেশৰ পূব গোদাবৰী জিলাৰ নেলাপাৰ্টিপাড়ুৰ বাসিন্দা পতি-পত্নীহালে বিগত 54 বছৰে সন্তানহীন জীৱন কটাইছিল ৷ পৰৱৰ্তী সময়ত বিগত বৰ্ষত কৃত্ৰিম প্ৰজনন প্ৰক্ৰিয়াৰে সন্তান জন্ম দিবলৈ চিকিৎসকৰ কাষ চাপিছিল দম্পতীহালে ৷ সৰ্বমুঠ দহগৰাকী চিকিৎসকৰ তিনিটা দলে বিগত ন-মাহে মহিলাগৰাকীৰ স্বাস্থ্যৰ সকলো দিশ নিৰীক্ষণত ৰাখিছিল ৷ অৱশেষত বৃহস্পতিবাৰে ভাল খবৰটো লাভ কৰে দম্পতীহালে ৷ চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানে মাতৃ-সন্তান আটাইৰে স্বাস্থ্য কুশলে আছে আৰু অনাগত কিছুদিন চিকিৎসকৰ নিৰীক্ষণত থাকিব ৷