নিউজ ডেস্ক, ১৩ আগষ্ট: শ্ৰীৰামপুৰৰ সমৰেন্দ্ৰ ঘোষ নামৰ ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে অকলশৰীয়া জীৱনৰ পৰা উদ্ধাৰ পাবৰ বাবে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তাৰ পিছতেই কেইমাহমান পূৰ্বে অধ্যাপক গৰাকীয়ে বাতৰি কাকতত দিলে এটা বিজ্ঞাপন ।
২২ বছৰে ৰিশ্ৰাৰ বিধান চন্দ্ৰ মহাবিদ্যালয়ত অধ্যাপনা কৰি অকলশৰীয়াকৈয়ে ওৰেটো জীৱন অতিবাহিত কৰি অৱসৰৰ ১২ বছৰৰ পিছত বিবাহৰ বাবে বাতৰি কাকতত দিয়া বিজ্ঞাপনক সহাঁৰি জনালে এগৰাকী মহিলাই । ৰিশ্ৰাৰে ৩৬ বছৰীয়া ইৰা ৰয় নামৰ মহিলা গৰাকী আগুৱাই আহিল ৭২ বছৰীয়া সমৰেন্দ্ৰ ঘোষৰ লগত বৈবাহিক জীৱন অতিবাহিত কৰিবলৈ ।

অৱশেষত শুভাকাংক্ষীৰ উপস্থিতিত দুয়ো বান্ধ খালে বৈবাহিক বান্ধোনৰে ।